সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৫৭ নবমী। সখি! বুজাব নেলাগিব। তেওঁৰো মোলৈ মন থকা প্ৰমাণ পাইছোঁ। জয়ন্তী। বাক সখি। তেনে হলে নেভাবিবা। স্থিৰ হই থাকা এতিয়া মই আহিলো। নবমী। বাৰু! ময়ো এতিয়া ভিতৰলৈ যাওঁ। সখি যেতিয়ালৈকে তোমাৰ সম্বাদ 'নেপাঁও, তেতিয়ালৈকে মৰি থাকিম। [ ইতি নিষ্ক্ৰান্তাঃ ] দ্বিতীয়া অঙ্ক সমাপ্ত [৩৬] তৃতীয় অঙ্ক প্ৰথম দৰ্শন হৰনাথৰ বাটী হৰনাথ, দেবদত্ত আৰু ৰঙ্গনাথৰ প্ৰবেশ হৰনাথ। ককাই! মোমাইয়েকৰ ঘৰৰ পেৰা আহিবৰে পৰা লৰাটোৰ অস্তাই নাই। দেবদত্ত৷ ওঁতো! দেখিছোঁ। সি হন, আকৌ মোমায়েকৰ ঘৰলৈ যাব। কেইদিনমান থাওক। ফাঁকুয়া ৰামনবমী আৰু বিহু, আহিছে। পিছে ও যাব। ৰঙ্গনাথ। ময়োতো ককাই তাকে কও। হব। মোৰো পঠিয়াবৰ ইচ্ছা নাই। মাকেও পঠাব নোখোজে। মোমাইয়েকৰ লৰা চোয়ালী নাই তাকে বৰ মৰম কৰে৷ এজনি চোয়ালীও খাজিছে। সি কেই মাহ মান থাওক। দেব। লৰা পঢ়ি শনি উঠিছে। কিবা কৰ্ম্ম কাষৰ চেষ্টা পাইছানে? হৰ। এঃ ককাই তোমালোকৰ আশীৰ্ব্বাদে জীয়াই থাওক মাথোন। - “চাকৰী” কৰিব নেলাগে? তোমালোকৰ ভৰিৰ ধলীৰে এনেই খাই বই থাকিব পাৰিব। দেব। নহয়। তেও এটা “কাম” থাকিলে ভাল। তেহে মানহে জানে আব্দ ভয় কৰে। কাম নেথাকিলে [৩৭] অইন হেজাৰ হওক, মানহে মানহে হেন নেদেখে। বৰ সাহাবৰ তলৈ গলেই তোমাৰ পোঁয়াৰ কাম হব। সেই সাহাবৰ গণেৰ কথা কি কম। যিবিলাক সদগণ মান হৰ থকা উচিত সেই সকলো তেওঁৰ আছে।