(viii) “নিজলৈ নেচাই তেওঁ লাভ কৰা বিশ্ববিদ্যালয়ৰ উচ্চতম শিক্ষালব্ধ জ্ঞানেৰে অঞ্চলটিৰ জনশক্তিক কৰ্মমুখী বুনিয়াদী শিক্ষা দি কৰ্মশক্তিত ৰূপান্তৰ কৰিবলৈ আত্মোৎসৰ্গ কৰিছিল।. জীৱনৰ বিবিধ সংঘাত আৰু প্ৰতিকুল অৱস্থা অতিক্ৰম কৰি নিজৰ কঠোৰ শ্ৰমেৰে নিজক প্ৰতিষ্ঠিত কৰা শ্ৰীৰাভা আজিৰ যুগত বিভ্ৰান্ত যুৱক-যুৱতীসকলৰ বাবে এক আলোক বৰ্তিকা, এক নিদৰ্শন, এক আদৰ্শ।” (ডালিম কুমাৰ মেধি বঁটাৰ প্ৰশস্তি, ১৮/২/৯৯) ৰাজেন ৰাভা আমাৰ ভাষা-সাহিত্যৰ এগৰাকী মহৎ পৰ্যায়ৰ একনিষ্ঠ সেৱক আছিল।” (শ্ৰী চন্দ্ৰপ্ৰসাদ শইকীয়া, ৭/৬/৯৯) “দুধনৈক কেন্দ্ৰ কৰি ৰাভা ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা-অধ্যয়ন তথা ৰাভা সমাজক উচ্চ বিদ্যায়তনিক স্থান দিবলৈকে তেওঁৰ অহৰহ প্ৰচেষ্টা সাধন সদৌ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ পৰিপূৰক ৰূপে যুগে যুগে সমাদৃত হ'ব বুলিযে আমাৰ ধাৰণা।” (ড প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য্য, ১১/৬/৯৯) “ৰাজেন ৰাভা আছিল একেৰাহে কৃতী শিক্ষক, জ্ঞান পিপাসু অধ্যয়নশীল গৱেষক, সুসাহিত্যিক, ৰাভা জনজাতিৰ উন্নতিকামী প্ৰকৃত সমাজ-সেৱক আৰু মানবপ্ৰেমী এগৰাকী অসাধাৰণ ব্যক্তি।" (ড° ভুবনমোহন দাস, ১৩/৬/৯৯) “যিজন পুৰুযে অতি কষ্ট কৰি জীৱন নিৰ্বাহ কৰি সৰস্বতীৰ সাধনা কৰিছিল আৰু লক্ষ্মীৰ প্ৰতি আকৰ্ষিত নহৈছিল, সেইজন পুৰুষে সাহিত্য সাধনাৰ জৰিয়তে অসমীয়া সাহিত্যত বিশিষ্ট বৰঙনি যোগাই গ'ল, সেইজন সাহিত্য সাধকক অসমীযা পাঠকে কোনোদিন পাহৰিব নোৱাৰিব।” (হিতেশ ডেকা, ১৪/৬/৯৯) “যি নিষ্ঠা, যি একাগ্ৰতা, যি আত্মবিশ্বাসেৰে তেখেতে নিজৰ যত্নত উচ্চতম বিদ্যায়তনিক বিচক্ষণতা আয়ত্ত কৰিছিল সেয়া দেখাত সঁচাকৈ বিস্ময়কৰ। স্বোপাৰ্জিত অৰ্হতাৰে তেখেতে অতি সহজভাৱে অসমৰ সামাজিক আৰু বৌদ্ধিক জগতৰ নেতৃত্বৰ স্থানত সুপ্ৰতিষ্ঠিত হৈছিল।” (শ্ৰী বীৰেন্দ্ৰনাথ দত্ত, ১৬/৬/৯৯) “ৰাভাসংস্কৃতিৰ বিষয়ে ৰাজেন ৰাভাই কেইবাখনো প্ৰামাণিক গ্ৰন্থ অসমীয়াত ৰচনা কৰিছে। ড° মহেশ্বৰ নেওগ দেৱৰ অনুপ্ৰেৰণা আৰু তত্বাৱধানত তেওঁ ৰাভা সমাজ আৰু সংস্কৃতিৰ বিষয়ে এখন গৱেষণা গ্ৰন্থ ইংৰাজীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। ড° নেওগৰ বিয়োগৰ পিছতেহে সেই কাম সমাধা কৰিলে।.. আশা কৰিছে ৰাভাসকলৰ জীৱন আৰু সংস্কৃতি বিষয়ে ভবিষ্যত গৱেষণাকাৰীৰ বাবে সি এখন উত্তম উৎস গ্ৰন্থ হিচাপে পৰিগণিত হব।” (নৱকান্ত বৰ, ১৫/৬/৯৯) "His (Rajen Rabha's) efforts helped rouse the Rabhas out of their cen- tury-old slumber and join the great race for modern consciousness and way of life that has drawn the ethnic societies in the North-East after Independence." (Dr. Hiren Gohann, 13-6-99)
পৃষ্ঠা:ৰাভা জনজাতি.djvu/৮
অৱয়ব