পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰা জীৱন ৩৭ ভুটীয়াসকলৰ কিছুমান ফুলৰ চানেকিৰ ৰাভাসকলৰ লগত সাদৃশ্য আছে। এসময়ত বজা ‘দদান প্ৰমূখ্যে ৰাভাসকলে ভূটান ৰাজ্যত আশ্ৰয় বিচাৰি গৈছিল। কিন্তু ভূটান ৰজাই আশ্ৰয় নিদিলে। খুব সম্ভৱ,ৰাভাসকল ভূটান ৰাজ্যত কিছুদিন আলি। সেয়ে ৰাভা তিৰোতাৰ ফুলৰ চানেকিৰ প্ৰভাৱ ভূটান তিৰোতাৰ ওপৰত পৰিছিল। সেইকাৰণে এতিয়াও এই ফুলৰ সাদৃশ্য বিদ্যমান হৈ আছে। সূতাতৰংক প্ৰণালী অতীজৰেপৰা ৰাভাসকলে নিজহাতে কপাহৰপৰা সুতা কাটি সেইবোৰ হাবি কানিৰ গছ-গছনি, গুটি আদিৰে বিচিত্ৰ ৰঙতৰঞ্জিত কৰি বিচিত্ৰ ফুলাম কাপোৰ বৈ লৈছিল। আধুনিক যান্ত্ৰিক যুগত বজাৰত বিচিত্ৰ ৰঙৰ সূতা পোৱাত আজিৰ ৰাভা তিৰোতাসকলে সূতা কটা আৰু সূতাত ৰং দিয়া প্ৰণালী এৰি দিছে। এতিয়াও প্ৰাচীন কৃষ্টি সংৰক্ষণ কৰি থকা ৰাভা গাঁৱৰ তিৰোতাসকলে সূতাত ৰং কৰা প্ৰক্ৰিয়া এৰি দিয়া নাই। তলত ইয়াৰ চমু বৰ্ণনা দিয়া হ'ল। (১) হালধীয়া ৰঙৰ বাবে কেঁচা আছু গছৰ ছাল। (২) বেগুনীয়া ৰঙৰ বাবে শিলিখা (হাই) গছৰ ছাল। (৩) কম বেগুনীয়া ৰঙৰ বাবে ছিনাই গছৰ ছাল। (৪) কলা ৰঙৰ বাবে ‘জিয়া গছৰ ছাল। (৫) গাঢ় হালধীয়া ৰঙৰ বাবে কঁঠাল গছৰ ছালৰ ভিতৰত থকা হালধীয়া গুৰিবোৰ। (৬) নীলা ৰঙৰ বাবে নীল’ গছৰ ছাল। (৭) ৰঙা ৰঙৰ বাবে ‘জেতুকাৰ পাত। ওপৰত উল্লেখ কৰা ৰংবোৰ সূতাত ৰঞ্জিত কৰিবলৈ হলে, উল্লিখিত গছৰ চাল আৰু পাতবোৰ বগা সূতাৰ অনুপাত মতে এটা কেৰাহীত পানীৰে সিজাই ৰসখিনি (ং) উলিয়াই লব লাগে। তাৰ পাছত ৰং কৰিবলগীয়া বগা সূতাখিনি তাত দি কিছু সময় সিজাব লাগে। সিজোৱাৰ পিছত সেইবোৰ পচা বোকা মাটিৰে মিশ্ৰিত কৰি এৰাতি এটা পাত্ৰত ৰাখি ধ্ব লাগে। নদীৰ পলসুৱা মাটি হলে খুব ভাল। বোকা মাটিতে মিশ্ৰিত কৰি ৰাখিলে সূতৰ ৰং স্থায়ী হয়। কোন কোনোৱে বোকা মাটি মিশ্ৰিতনকৰিআনুপাতিক হাৰে ‘লোণ’ বা ‘ফিটকৰি মিহলাই থয়। লোখ মিহলি কৰিলে সূতা বেচি দিন নিটিকে। বোকা মাটিৰপৰা উলিয়াই সূতাখিনি ভালদৰে পানীৰে ধুই ত শুকাইলে ৰঙীন সূতা দেয়। ‘ঙ্গুেনীয়া ৰং কৰিবলৈ হলে ‘জেতুকাৰ পাত আৰু সৰ গুল মিহলি কৰিব লাগে। সুমকিংকৰিবলৈ হলে ‘জেতুকাৰ পাত আৰু “ আগৰ মিহলি কৰি লাগে। সেউজীয়াৰ কৰিবলৈ হলে আছু গৰল আৰুনীল গলে মিহলি কৰি Das, B.M. The Ethnic Affinities of the Rattra, P. 119.