পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰুৱা জীৱন os সাধাৰণতঃ তিনি ‘পানী পেলালে’ ফটিকা বৰগী হয়। পানী পেলোৱা অৰ্থ—ওপৰত ৰখা পিতল বা মাটিৰ চৰুৰ চেঁচা পানীখিনি যেতিয়া জুইৰ উত্তাপত গৰম হয়, তেতিয়া সেই গৰম পানীখিনি অন্য সৰু পাত্ৰৰ দ্বাৰা পেলাই দি পুনঃ নতুনকৈ চেঁচা পানী ৰাখি দিয়া হয়। ইয়াকে ‘এক পানী’ পেলোৱা বুলি কোৱা হয়। পানী নেপেলালে তলৰ হাড়ীৰ পৰা উথিত ভাপখিনি মাজৰ ফুটা লুড়কীৰ ভিতৰত শুকাই যায়। জুইৰ উত্তাপত ডাঙৰ হাড়ীৰ মাখাম ছিথা’ মিশ্ৰিত ভাপখিনি তাৰ ওপৰত ৰখা ফুটা লুড়কী বিন্ধাৰে উথিত হয়, আৰু তাৰ ওপৰত ৰখা চৰুত চেঁচা পানী থকা বাবে ভাপখিনি শুকাই যাব নোৱাৰি তাৰ ভিতৰত বই বখা নফুটা সৰু লুড়কীটোৰ ভিতৰত জমা হয়গৈ। এই জমা হোৱা ভাপখিনিকেই ফটিকা’ বোলে। ৰাসায়নিক বিজ্ঞান মতে এয়েই পাতন-ৰসায়নক্ৰিয়া। ফাপ’ বা বাখৰ প্ৰস্তুত কৰা প্ৰণালী ১ - - মদ প্ৰস্তুত কৰিবলৈ বাখৰ’ নিতান্ত প্ৰয়োজন। বাখৰনহলে মদৰ ভাতখিনি পচি যায়। তেনেকৈ এই ৰাখৰ প্ৰস্তুত কৰিবলৈও আনুপাতিক উপাদানৰ উপৰিও পুৰণি বাখৰ মিশ্ৰিত নকৰিলে বাখৰ নহয়। এই বাখৰ প্ৰস্তুত প্ৰক্ৰিয়া অতীজৰ পৰাই ৰাভা তিৰোতাই জানে। অকল ৰাভাই নহয়, অসমৰ সকলো জনজাতীয় তিৰোতাই নানা উপাদানেৰে বাখৰ তৈয়াৰ কৰিব জানে।ৰাভা তিৰোতাসকলে বিশ্বাস কৰে যে, বাখৰ প্ৰস্তুতি ক্ষেত্ৰত মঙ্গলামঙ্গল আছে। সেই কাৰনে সকলো ৰাভা তিৰোতাই বাখৰ প্ৰস্তুত নকৰে। বিশেষ কিছুমান তিৰোতাইহে পৰম্পৰাগত ভাৰে বাখৰ তয়াৰ কৰি আহিছে। তৈয়াৰ কৰিবলৈ হলে তলৰ বস্তুখিনি আৱশ্যক। (১) আগিয়া চিতাৰ শিপা ১ তোলা পৰিমাণৰ (২) কুঁহিয়াৰ পাত পোৱা পৰিমাণ বা ১২৫ গ্ৰাম ওজনৰ (৩) বিলাতী (কন) জলকীয়া ৭ ০ (৪) বেজি কালাই’ৰ শিপা বা শুটি ১২ টা বা ১ ভোলা পৰিমাণৰ শিপা (৫) ‘চেনি কনৰ আগ ১২ টা (৬) কুশন আগ বা ফুল (৭) আনাৰসৰ কুমলীয়া আগ ১২৫ এম ওজনৰ (৮) বিহটেকীয়াৰ আগ ৭ টা (৯) “ভেটী তিতাৰ পাত (১০) আকল গছৰ পাত (১১) পুৰণি বাখৰ আৰু অনুপাতে ২ ১২ টা ২/৩ খিল ১খিলা