পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায় ঘৰুৱা জীৱন ঘৰ-দুৱাৰ জনা যায় অতীজতে ৰাভাসকল পাহাৰৰকাষত টিলাময় ঠাইত বা নৈৰ পাৰৰ ওখ সমভূমিত (টাৰি) ঘৰ-দুৱাৰ সাজি বসবাস কৰিছিল। একে ৰাৰায় সংযুক্ত পৰিয়ালসমূহ একে ঠাইতেই ৰেলওৱে কলনীৰ (Railway Colony) দৰেই আছিল। তেওঁলোকে খেৰী ঘৰবোৰ সমান্তৰাল আৰু শাৰী শাৰীকৈ সাজিছিল। সোঁমাজতে ১০০ হাতমান আবহুল দীঘল চোতাল আছিল। সেই চোতালতে তেওঁলোকে ব্যক্তিগত বা সামূহিক কামকাজ, পূজা-পাৰ্বন আদি কৰিছিল। ম'হৰ গোহালিবোৰৰ বেলেগ ঠাইত তদনুৰূপেই সাজিছিল। একে বাৰায় সংযুক্ত পৰিয়ালসমূহে কাম কৰা এনে ঠাইখনেই একোখন চুবুৰী বা গাৱঁত পৰিণত হৈছিল। সাধাৰণতঃ ধুমুহাৰ প্ৰতিৰক্ষাৰ বাবে তেওঁলোকে ঘৰবোৰ পূৰ্ব-পশ্চিমাকৈ সাজিছিল। ঘৰবোৰ দীঘলে ৬০-৭৫ হাত আৰু বহলে ১৫-২০ হাত আছিল। আৱশ্যক অনুযায়ী বাৰান্দাও সাজি লৈছিল। একেটা ঘৰৰ ভিতৰতে বিধে বিধে প্ৰয়োগ-অনুযায়ী একোটাকৈ কোঠালীৰ বিভাগ ৰাখিছিল। প্ৰাচীন ঘৰদুৱাৰ : ৰাভাসকলৰ প্ৰাচীন ঘৰ-দুৱাৰ কেনেধৰণৰ আছিল তাৰ তিনিটা নমুনা তলত দেখুওৱা হল- (ক) মায়তাৰি ৰাভাৰ ঘৰৰ আহি (১নং চিত্ৰ) (খ) ৰংদানি ৰাভাৰ ঘৰৰ আহি (২নং চিত্ৰ) (গ) কিছু নতুন ঘৰৰ আহি (৩নং চিত্ৰ) ১নং চিত্ৰ উব ৭০ হাত দীঘল ক ৮ নং ২ নং পশ্চিম- ২০ হাত দীঘল ১ নং 8 Ft ৬ নং ও ন কি ৭০ হাত দল