পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ ৰাভা জনজাতি ১৯১১ চনৰ পিছৰ পৰা ১৯৩১ চনলৈকে ৰাভা জনজাতিৰ জনসংখ্যা লাহে লাহে কমি আহিছিল। এইদৰে জনসংখ্যা কম হোৱাৰ কাৰণ কেইবাটাও হব পাৰে। অসমত থকা ৰাজবংশীসকল প্ৰধানকৈ কোঁচ আৰু মেচ জাতিৰ মানুহ যি সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি এই নাম গ্ৰহণ কৰিছিল। প্ৰসঙ্গক্ৰমে উল্লেখ কৰা যায় যে, সেই সময়ৰ ধৰ্ম-মহাজনসকলে ৰাজবংশী’ উপাধিৰে হিন্দু ধৰ্মলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত এটা ধৰ্মীয় পদ্ধতি গ্ৰহণকৰিছিল। পোনে পোনে ৰাজবংশী উপাধি অৰ্পণ কৰা নাছিল। কোঁচসকলক কেনেকৈ ধৰ্মান্তৰ কৰি এই উপাধি দিছিল তাৰেই পদ্ধতিটো দাঙি ধৰা হ'ল। ধৰ্মান্তৰৰ প্ৰথম স্তৰত মদাহী কোঁচ’আৰু দ্বিতীয় স্তৰত শৰণীয়া কোঁচ’উপাধি দিছিল। এই দুই স্তৰত তেওঁলোকক প্ৰাচীন আচাৰনীতিৰ কিছু স্বাধীনতা দিয়া হৈছিল। এই দুই স্তৰত ইচ্ছা কৰিলে তেওঁলোকে মদ, গাহৰি, কুকুৰা, আদি খাব পাৰিছিল। খাব পাৰিলেও পাৰ্মানে এইবোৰৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰা হৈছিল। ধৰ্মীয় নীতিৰ ফালৰ পৰা এই দুই স্তৰৰপৰা উন্নীত কৰাৰ পিছত তৃতীয় আৰু চতুৰ্থ স্তৰ ক্ৰমে ‘হেৰেমিয়া কোঁচ’আৰু সৰু কোঁচ’উপাধিৰে বিভূষিত কৰিছিল। কিছুদিন এই ধৰ্মীয় নীতিৰ বাধ্যবাধকতাৰ মাজত থাকিব লাগিছিল। কিছুদিন এই ধৰ্মীয় নীতিৰ পৰীক্ষাত উত্তীৰ্ণ হলে পঞ্চম স্তৰ কামতালি’বা বৰকোঁচ’উপাধিৰে বিভূষিত কৰিছিল। এই বৰ কোঁচেই পৰিশ্ৰত ৰাজবংশী’ উপাধি। এই স্তৰ কেইটি অতিক্ৰম কৰোঁতে কোনোবাই এই ধৰ্মীয় নীতিৰ ব্যতিক্ৰম কৰিলে তেওঁক পুনঃ নিম্ন স্তৰলৈ নমাই দিছিল। উন্নীত হোৱা এজন কামতালি বা বৰকোঁচৰ মানুহে সৰুকোঁচ’ৰ ছোৱালীক বিয়া কৰাব নোৱাৰিছিল। কিন্তু পৰিস্থিতি সাপেক্ষে যথেষ্ট বিবেচনাৰ পিছত এজনী কামতালি ছোৱালীক ‘সৰুকোঁচলৈ বিয়া দিব পাৰিছিল। ফল স্বৰূপে এই ছোৱালীজনী গিৰিয়েকৰ নিম্ন স্তৰলৈ নাবিলগীয়া হৈছিল। মেচৰ ক্ষেত্ৰততা নিশ্চয় এই ধৰ্মান্তৰ পদ্ধতি গ্ৰহণ কৰা হৈছিল। এই ধৰ্মান্তৰ পদ্ধতিৰ ফল স্বৰূপে ১৮৮১ আৰু ১৮৯১ চনৰ অসমৰ ৰাজবংশীৰ জনসংখ্যা তুলনাত্মক ভাবে দেখুৱা বৃদ্ধি পায়। এই সংখ্যাটো জিলা ভিত্তিত তলত হল। জিলা ১৮৯১ ন ১৮১ ন (১) কাছাৰ জিলাত ৪২৮ (২) গোৱালপাৰা জিলাত ১২,১০০১ ১০,৬৩৬৩ জন (৩) কামৰূপ জিলাত (৪) দৰং জিলাত ২৫০ (৫) নগাওঁ জিলাত ১১৬ (৬) শিৱসাগৰ জিলাত ১৫২ (৭) লক্ষীমপুৰ জিলাত (৮) গাৰোপাহাৰ জিলাত ১৩৬৪ X X X X X ১৯৬ X Census Report of Assum. 1891.pil chapter Vill. p. 216.