পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা শাখা বুলি স্বীকাৰ কৰি আহিছে। আন শাখাবিলাকে ৰাভাৰ শাখা বুলি স্বীকাৰ কৰা দেখা নাযায়। এইখিনিতে উল্লেখ কৰিব পাৰি যে, কলাগুৰু স্বৰ্গীয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বেহুলা- লক্ষিৰ ৰাভা জাতিৰ লোক আছিল বুলি মন্তব্য প্ৰকাশ কৰি গৈছে। বাচক বণিক্য থোকাবুঢ়া আৰু খোকাবুঢ়ী হাজোৰ ওচৰত পাগলাদিয়া নদীৰ কাষত ৰাজত্ব কৰিছিল আৰু তেওঁলোকেই বেহুলাৰ পূৰ্বপুৰুষ আছিল। কোচ্চা বা কোঁচসকলেই ৰাভা আছিল। কিন্তু বহু লেখকে কোঁচসকলক ৰাভা জনজাতিৰ পৰা আঁতৰাই নি অন্য আখ্যা দিব খোজে। তেওঁলোকে কোঁচসকলক ৰাজবংশ বা ৰাজবংশী নামেৰে এটা জাতি বুলি অভিহিত কৰা সমীচিন নহয়। বসতি আৰু জনসংখ্যা অসম, মেঘালয়, পশ্চিমবঙ্গ, বাংলাদেশ, ত্ৰিপুৰা, বিহাৰ এনেকি নেপালতো ৰাভা জনজাতিৰ মানুহ বসতি কৰি আছে। কিন্তু চৰকাৰী বা বেচৰকাৰী হিচাবে ৰাভাসকলৰ সৰ্বভাৰতীয় জনসংখ্যা এতিয়ালৈকে পোৱা হোৱা নাই। জন-গণনাৰ প্ৰতিবেদন মতে অসমৰ ৰাভাসকলৰ জনসংখ্যা যোৰা ১৮৮১ চনৰ পৰা তলত দিয়া ধৰণে দেখা যায়। ১৮৮১ চনত (১) গোৱালপাৰা জিলাত ১৪,২৯৩ জন (২) কামৰূপ জিলাত ২২,৭২৩ জুন (৩) দৰং জিলাত ১৫,০৯০ জন (৪) গাৰোপাহাৰ ডি fত ৩,৭৫৮ জন (৫) আন আন জিলাত ৬০৮ ন মুঠ-৫৬,৮৯৯ জন (?) ১৮৯১ চনত (১) গোৱালপাৰা জিলাত ২৯,২৬৯ জন (২) কামৰূপ জিলাত ১৭,৫২৬ জন (৩) দৰং জিলাত ১৬,৫৯৪ জন (৪) গাৰেপাহাৰ জিলাত ৫৩৮১ন (৫) আন আন জিলাত ১,০০ঃ নে মুঠ-৬৯,৭৭৪ জন বিঃদ্ৰঃ-এই জনসংখ্যাৰ ভিতৰত মাত্ৰ ৫০৯ জনহেজ ভাষাৰী দেখু হৈছে।ই • মুসা বিলিতি ঝেঝ মৈত্ৰ(সঃ)