পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অধ্যায় ভাষাৰ স্বৰূপ মানুহৰ ভাব প্ৰকাশৰ বাহন হৈছে ভাষা। ভাষা সংস্কৃতিৰ এটা অগ। ভাষা জীযাই নেথাকিলে এটা জাতিৰ সংস্কৃতি জীয়াই থাকিব নোেৱাৰে। সকলো যুগৰ বাবেই ভাষা সংস্কৃতি এটা জাতিৰ মেৰুদণ্ড স্বৰূপ হৈ আহিছে। ভাষাৰ মাধ্যমেৰেহে পাৰস্পৰিক ভাবৰ আদান প্ৰদান কৰিব পাৰে। তিব্বতো বাৰ্মী’ ভাষা গোষ্ঠীৰ অসম-বৰ্মী’ শাখাৰ লগত ৰাভাসকলৰ ভাষাক অন্তৰ্ভুক্ত কৰিব পাৰি। এই ভাষাৰ গৱেষণাৰ যথেষ্ট থল আছে। এই ভাষাৰ বিজ্ঞানসন্মতভাৱে গৱেষণা নহ'লেও ই যে ব্যাকৰণসন্মত ই নিশ্চিত। এই ভাষাই বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, অব্যয, শব্দৰূপ, ধাতুৰূপ প্ৰত্যযাদি নিয়ম মানি চলে। এই ভাষাত খণ্ডবাক্য জতুৱা ঠাঁচ আদিৰো প্ৰকাশ ভংগী আছে। ই অসমৰ কোনো জনজাতিৰেই অপভ্ৰংশিত ভাষা নহয়। অৱশ্যে সিবিলাকৰ সৈতে কিছুমান শব্দ সম্ভাৰৰ সাদৃশ্যহে দেখা যায়। এই ভাষাৰ নিজস্বতা আছে, কিন্তু গৱেষণা আৰু অনুশীলনৰ অভাবও বিস্মৃতিৰ গৰ্ভত লুপ্তপ্ৰায। গতিকে, এই ভাষাৰ পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ নিতাই আবশ্যক। তেতিয়াহে ৰাভা জনজাতিৰ ভাষা-সংস্কৃতিৰ নিৰাপত্তা হ'ব। ৰাভা ভাষাই যে ব্যাকৰণৰ নিষম মানি চলে তাৰেই কেইটিমান নিয়ম চমুকৈ আলোচনা কৰা হল। সংজ্ঞা (মুংপি'দা) ৰাভা ভাষাৰ সংজ্ঞাৰ ভেদ অসমীয়া ভাষাৰ দৰেই। বচন (ৰাওড্ৰং) ৰাভাত সাধাৰণতে একবচনৰ পৰা বচনলৈ শব্দ গঠন কৰিবলৈ হ'লে মানুহ আৰু তাৰ সম্বন্ধবাচক শব্দৰ পিছত ‘তা/ৰং’ প্ৰত্যয় আৰু কোনো সাৰ্কমিক শব্দ, দেৱ-দেৱী, ভূত-প্ৰেত, ইতৰ প্ৰাণী আৰু পদাৰ্থ নামৰ পিছত বিজান’ প্ৰত্যয যোগ কৰা হয়। যেনে- একবচন (হ) বচন (বাংলা) কায় (মানুহ) কাষ-তং (মানুহবিলাক) মুছা (পুৰুষ) মূ-তাং (পুৰুষকল