পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৬ ৰাভা জনজাতি ঠাই মচি শটো উত্তৰমুৱাকৈ শুকায়। গৃহ কনিষ্ঠসকলে মৃতকক সেৱা কৰে। গিৰিয়েক মবিলে তেতিয়া ঘৈণীয়েকজনীয়ে গিৰিয়েকৰ ভৰিৰ বুঢ়া আঙুলিৰে তাইৰকপালৰ সেন্দুৰ মচি পেলায় আৰু শাখা ভাঙি মৃতকৰ চাংৰাত তুলি দিয়ে। শশান উত্তৰা দক্ষিণাকৈ চিতা প্ৰস্তুত কৰে। শ্মশানত মৃতকৰ বাবে জমি কিনা প্ৰথা আছে। শটোৰ মূৰ উত্তৰ পিনে ৰাখে। চিতা মণ্ডপ মাটিত কড়ি বা পইচা দি চিতা প্ৰস্তুত কৰে। ঘৈণীয়েক হলে গিৰিয়েক, বাপেক হলে জ্যেষ্ঠ পুত্ৰই নাইবা ককায়েক, ভায়েক, মোমায়েক যি কোনো এজন মৃতকৰ মুখাগ্নি কৰাৰ অধিকাৰ আছে। চিতাৰ চাৰিওফালে সাত বাৰ ঘূৰি মুখাগ্নি কৰে। কিছুমানে বন্দি’ (অস্থি) পোতে, কিছুমানে নোপোতে। এই বন্দি পোতাৰ অধিকাৰ মুখাগ্নি কৰা মানুহজনৰ। বন্দি পোতা মানুহজন পোতাৰ পিছত দুৰৈ কোনো গছ বা পাহাৰত দৃষ্টি নিক্ষেপ কৰিব লাগে। তাৰ পাছত চিতাৰ জুই নুমাই এঙাৰ আদিৰে এটা মণ্ডৰ চাৰিওফালে বাঁহা খুটি পুতি বগা কাপোৰ চান্দোৱা আঁৰি থৈ অহা হয়। চান্দোৱাৰ তলত পুনঃ কশী, আলুৰে তৈয়াৰী ভাত মৃতকৰ উদ্দেশ্যে অৰ্পণ কৰি আহে। ইতিমধ্যে গৃহস্থ পক্ষৰ পৰা খেৰ জুমুঠি, শুকান মৰাপাটৰ পাত আৰু কপাহ কিছুমান বাটত থৈ অহা হয়।শৱ দাহন কৰি অহা মানুহবোৰে নদী বা বিলত স্নান কৰি সেইসলোবোৰ মিশ্ৰিত ধোঁৱা গ্ৰহণ কৰে। মৃতকৰ ঘৰত সকলোৱে আহি সমবেত হয়। চোতালৰ সোঁ মাজতে এখন আগলতিফলপাততভজা চাউলৰ গুৰি(কাই), মৰাপাটৰ শুকানপাতআৰুকপাহ এইসকলোকে মিহলি কৰি বাওঁ হাতেৰে সাত ভাগ কৰে। তাৰ পাছত হৰিধ্বনি দি সেইবোৰ সামগ্ৰী দূৰৈত পেলাই দিয়ে। শ্ৰাদ্ধ কোন দিনাখন কৰা হব চিতা মণ্ডপৰ ওপৰতেই মৃতকৰ উদ্দেশ্য কৰি ঘোষণা কৰি আহিব লাগে। সাধাৰণতঃ এ সাত দিনত কৰা হয়। শ্ৰাদ্ধ আগদিনালৈকে মাছ মাংস খোৱা নিষিদ্ধ। খেতি পথাৰৰ কামৰপৰা বিৰত থাকে। খাৰৰ আ খোৱা, গাত চাবোন দিয়া, মূৰ থোকা, কেৰকৰ্মকৰাত নিষেধ।শান্ধৰ পিছতো বালক মৰিলেকল আৰু মাক মৰিলে গাখীৰ খোৱা অন্ততঃ এবছৰলৈকে নিষেধ। গিৰিয়েক মৰিলে ঘৈণীয়েকে শাঁখা-সেন্দুৰ পিন্ধিব নাপায়। শ্ৰদ্ধৰ কাম গধুলিৰপৰা আৰম্ভ কৰা হয়।ৰাতি আত্মীয় কুটুম্ব, জ্ঞাতি ৰাইজ আহিচোতাল ভৰি পৰে। মহাভাৰত, ৰামায়ণ, গীতা, পুৰাণ আদি পাঠ কৰা হয়। নাম কীৰ্তন, হৰি সংকীৰ্তন, পদ্মপুৰাণ, ভাৰীগান আদি কৰা হয়। মায় চকো’ অৰ্পণ কৰা ব্যৱস্থা আছে। মায়-চকোত’ ভাতৰ লগতে মাংস, কশী, মিত্ম মাছ, মা আদি অৰ্পণ কৰা হয়। শেষতি মায়-চকো’ গাৱৰ বাহিৰত পেলাই থৈ আহে। দিনতৰাইজৰ মানুহক মাছ, মাংস, মদেৰে ভোজ খুৱায়।বৰ্তমান আঞ্চলিক ভাবে সমাজত মন দিয়া প্ৰথা উঠাই দিছে। নোকসি অন্যান্য জাতি-উপজাতিৰ মানুহৰ দৰেই ৰজ জনজাতিৰ মানুহৰ মাজতে বঙ্গে লোক বিশ্বাস আছে। এইবোৰ পৰশতভাবেই চলি আহিছ। এতিয়াও তেওঁলোকে