পৃষ্ঠা:ৰাভা জনজাতি.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ ৰাভা জনজাতি হ’ল মাছুৰানীৰ নিয়ম। (৩) বাং’পা বাদুং-দু’পা’ শ্ৰাদ্ধ এমাহৰ দিনা কৰা হয়। ইয়াতো মৃতকক ভাত মঙহেৰে সৈতে মদ অৰ্পণ কৰে। তিনি ৰাতি তিনি দিনলৈকে বাৰায়ৰিৰ মানুহ আত্মীয় কুটুম্বৰ মানুহ আৰু ৰাইজৰ মানুহে মদ-ভাত খাই আমোদ-প্ৰমোদ কৰে আৰু ঢাল, তৰোৱাল, কাঠৰ মাছৰোকা চৰাই নচুৱাই কৰুণ ৰসেৰে নৃত্য-গীত কৰে। মতা মানুহবিলাকে গান গায় আৰু তিৰোতা বা ছোৱালীবিলাকে বুকুত বাছেক (বুকুনী) বান্ধি ঢাল, তৰোৱাল লৈ বাদ্যৰ চেৱে চেৱে নাচে। প্ৰতিদিনে মৃতকক মায়চকো’ অৰ্পণ কৰে। গোটেই তিনি দিন গাহৰি, কুকুৰা মাৰি ৰাইজক ভোজ দিব লাগে। (৪) সাতাপাৰু - এই শ্ৰাদ্ধ এমাহ বা তদূৰ্ধ্ব দিনত কৰা হয়। এই শ্ৰাদ্ধ চহকী মানুহৰ বাহিৰে আন মানুহে কৰা সম্ভৱপৰ নহয়। ই খৰচ বহুল। এই শ্ৰাদ্ধ সাত দিন সাত ৰাতিলৈকে থাকে। বাদুং-দু’পা’ৰ দৰেই মৃতকক গাহৰি, কুকুৰা, মদ, ভাত দৈনিক আগবঢ়ায় আৰু বিভিন্ন গাঁৱৰ পৰা নিমন্ত্ৰিত মানুহ, বাৰায় হৰিৰ মানুহবিলাক আহি মদভাত বায় আৰু বাদুংদু’পপাৰ দৰেই মতা মানুবোৰে গীত গায় আৰু মাইকী বা ছোৱালীবোৰে জাকে জাকে বুকুত বাছেক বান্ধি বিচিত্ৰ তুফান-কাম্বুং পিন্ধি বাদ্যৰ চেৱে চেৱে নাচে। কৰুণ ৰসৰ লগতে আমোদ-প্ৰমোদৰ গীতো গায়। সাতাপাক’ শ্ৰাদ্ধ কৰিবলৈ হ'লে মদ ভাতৰ যোগান ধৰিবৰ কাৰণেই এটা ডাঙৰ ভঁৰালৰ ধান আৱশ্যক হৈ পৰে। অৰ্থনৈতিক সমস্যাৰ হেঁচাত পৰি এনেকুৱা খৰচ বহুল শ্ৰাদ্ধ কৰিবলৈ এৰি দি নতুন ব্যৱস্থা অৱলম্বন কৰিবলৈ ধৰিলে। তাৰ পাছত ফাৰকান্তি আৰু হকো-তৰাং' শ্ৰাদ্ধৰ ব্যৱস্থা চলিবলৈ ধৰিলে। ফাৰকান্তি’ শ্ৰাদ্ধত ২/৩ দিনলৈকে সমাজক মদ, মাংস, ভাতেৰে অভ্যৰ্থনা কৰিব লাগে আৰু 'হকো তৰাং’ শ্ৰাদ্ধ এদিনতে শেষ কৰা হয়। মৃতকক মদ, মাংস, ভাত অৰ্পণ কৰা হয় বিভিন্ন সমাজৰ বিভিন্ন বিধি সাপেক্ষে। শ্ৰাদ্ধৰ শেষৰ দিনা গৃহস্থৰ মানুহবোৰে পাজাৰ’ (ফুলাম কাপোৰ) ডিঙিত লৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰে। যি কোনো শ্ৰাদ্ধতে বাপেক বা মাক মৰিলে পুতেকসকলে মুণ্ডন হ'ব লাগে। দাহৰীৰাভাৰ মানুহ মৰিলে উত্তৰ-দক্ষিশাকৈ শুৱায়। মূৰৰ শিতানত চাকি বস্তিত্বলায়। তামোল পাণ সাত ভাগ দিয়ে। মৃতকৰ দুভৰি দুটা বুঢ়া আঙুলি এৱাঁ সূতাৰে বান্ধে। মুখত ৰঙা সূতা থৈ দিয়ে। মৰাৰ মূৰটো উত্তৰ পিনেৰাখে। চিতাৰ ওপৰতোৰাশটো উত্তৰপিনে ৰাখে। বাপেক মৰিলে পুতেকে, আৰু ঘৈণীয়েক মবিলে গিৰিয়েকে মুখাগ্নি কৰে। চিতাৰ চাৰিওফালে ঘূৰি মুখাগ্নি কৰে। চিতা একাত কৰেতে চিতা মণ্ডপৰ মাটিত এটা তামৰ পইচা বা ৰঙা পৰমা ধন নাইবা লো ধাতু দিয়ে। ইয়াৰুে মৃতকৰ বাবে শন মাটি কি বুলি কয়। শৱাহনৰ পিছত চিত মণ্ডপ ওপতে চাৰিডাল খুটি পুতি সাত থকা, কলা, বগা কাপোৰ চান্দোৱা” টানে। এই চান্দোৱাৰ তলতে চিত মত (শ অশি।