সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

JR ৰাজসূয় হেনবা বুলিবা সমক সমানে ভীম জাসন্ধে দুইহানো বলে সমান। শুনা আৰ সমিধান || কিমতে মাৰিব দেৱৰো দেৱতা কাল ৰূপী ইটো কৰা সৃষ্টি স্থিতি লয়। ব্ৰহ্মা মহেশ্বৰ নিমিত্তসে মাত্ৰ তোহ্মাতেসে হন্তে হয়॥১৫৪ হেন হৰি তুমি যাহাৰ সহায়ি ভৈলা দেৱ কৃপাময়। আন কোনো কমি সিটো জনে আৰ মৃত্যুকো নকৰে ভয়॥ হেন জানি তুমি ভীমক নিমিত্ত কৰি বধা জৰাসন্ধ। নৃপতি সবৰো খণ্ডিয়ো দুৰ্গতি সত্তৰে কৰা প্ৰবন্ধ॥১৫৫ শুনা যেন মতে ৰাজা সকলৰ ভাৰ্য্যাগণ নিৰন্তৰে। গৃহত থাকিয়া তোহ্মাৰ নিৰ্ম্মল যশক কীৰ্ত্তন কৰে॥ আপন পুত্ৰক কৰয় লালনা তযু গুণ কৈয়া কোলে কৰি লৈয়া তুলি। নকান্দ নকান্দ বুলি॥ ১৫৬ ক্ৰন্দন নিৰোধে