সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাজসূয় কৃষ্ণ ভৈল যেন নীল উৎপল সাক্ষাত। কুমুদ কমল যদু বীবগণ তাত।৬০ ৰাজহংস চৰে যেন ধৱল চামব। হয় হস্তী ভৈল যেন কুম্ভীৰ মগৰ॥ নটে ভাটে গাৱে চাৰু কৃষ্ণৰ কীৰ্ত্তন। তেজে যেন ৰাৱ জলচৰ পক্ষীগণ। ৬১ কৃষ্ণৰ আগত বিপ্ৰগণে পঢ়ে বেদ। হংসব আৰাৱ যেন শুনি অবিচ্ছেদ॥ মৃদঙ্গ গোমুখ শঙ্খ মুৰুজ কাহাল। কদ্ৰক কৰিলা ঘোষ তাল কৰতাল॥৬২ বজাৱে। চতুভিতি বেঢ়ি পঞ্চ শব্দ সাগৰৰ উৰ্ম্মি যেন উথলয় ৰাৱে। নটীসবে নটে গাৱৈ গায়নসকল। পঢ়ে তুতি নতি কতো কৰয় মঙ্গল॥৬৩ প্ৰকাশন্ত কৃষ্ণ যদুগণৰ মাজত। গ্ৰহণৰ মাজে যেন চন্দ্ৰ আকাশত॥ সাত্যকি উদ্ধৱ আছ৷ কৃতাঞ্জলি হুই। চন্দ্ৰৰ দুই পাশে যেন গুৰু শুক্ৰ দুই॥৬৪ যদুবীগণ ভৈল গ্ৰহগণ সৰি সভাত আছন্ত বসি কৃষ্ণক আৱৰি। উপসন্ধিগণে উপকথাক প্ৰকাশে। নানা হাস্যৰসে বিভু কৃষ্ণক উপাসে॥৬৫ কতো পুৰাতন পুণ্য ৰাজাসকলৰ। পবন পৱিত্ৰ যশ কহে নিৰন্তৰ। পুৰাণ কাহিনী শুনি মিলে মহোৎসৱ। প্ৰসন্ন বদনে কতো কৰে হৰি হৰি ৰৱ॥৬৬ ১১