সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(12) গুণাগুণ :—এই ৰাজসূয় কাব্য অসমীয়া সাহিত্যৰ এটি উজ্জ্বল ৰত্ন। ইয়াব ভাষা প্ৰাঞ্জল, আৰু অসমীয়া ভাষা আৰু সংস্কৃতিৰ পৰিচায়ক। পদৰ লালিত্য, অলঙ্কাৰৰ মাধুৰ্য্য, ভাৱৰ গাম্ভীৰ্য্য, চিত্ৰৰ সৌন্দৰ্য্য আৰু ভক্তিৰ প্ৰাচুৰ্য্যই ইয়াক বাস্তৱিকে মনোৰম কৰিছে। বৰ্ণ বিন্যাস আছে। কিন্তু ছপাৰ ভুল নাই। এই বাবে প্ৰকাশক শলাগৰ পাত্ৰ। সেই একে মূলৰপৰ৷ একে বিষয়ে অনন্ত কন্দলি বিৰচিত ৰাজসূয় কাব্য এখন আমি পাইছোঁ। তাৰ আদি আৰু শেষ পদ এই :- শুক নিগদতি শুনিয়োক সমৰাট -। মহাৰঙ্গে জগন্নাথ ... আছন্ত সভাত॥১. শুনিয়োক সৰ্ব্বজন ভাগৱন্ত পদ। পৰলোক জানিবাহ! হৰিসে সম্পদ॥ অনন্ত কন্দলি কহে শুনিয়ো সংসাৰ। বোলা ৰাম ৰাম হৌক পুৰুষ উদ্ধাৰ ||৮৬০ কিন্তু এইখন পুথিয়ে মহাপুৰুষৰ কাব্যৰ ঠাই অধিকাৰ কৰিব পৰা নাই। এই পুথি দুষ্প্ৰাপ্য, আগেয়ে ছপা হোৱা নাছিল। প্ৰকাশকক শলাগিছোঁ। গুৱাহাটী শ্ৰীকালিৰাম মেধি