সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৬ ৰহদৈ লিগিৰী তুমি কোৱাচোন ৰহদৈয়ে দয়াৰামক যেনেকৈ ভাল পায়, তুমিও মোক সেইদৰে ভাল পোৱানে?” ৰাণী— (আঁঠু লৈ) “স্বৰ্গদেৱ ঈশ্বৰ! এই— দুখুনীয়ে হৃদয়খন ফালি দেখুৱাব পৰা হ'লে দেখুৱালোহেঁতেন। পিছত স্বৰ্গদেৱক এইমাত্ৰ জনাওঁ যে বেটীৰ যৌৱন, মন, প্ৰাণ বেটীয়ে সকলোখিনি স্বৰ্গদেৱৰ চৰণত সপিছোঁ।” ৰজা— “ধন্য মোৰ প্ৰাণাধিক ৰাণী। তোমাৰ কথা মই সজাত কৰিলোঁ। তুমি যিদৰে কৰিবলৈ ক'লা মই সেইদৰেই কৰিম। মই ৰহদৈ-দয়াৰামক এৰি দিম। দণ্ড- বন্ধ নকৰো। যদিও বুঢ়াগোহাঁয়ে মোক অযোগ্য অপদাৰ্থ বুলি ভাবে তথাপি প্ৰিয়তমে! তোমাৰ ৰজা চন্দ্ৰকান্ত ইমান হীন মনৰ নহয়। যত ডেকা-গাভৰুৰ ভিতৰত প্ৰকৃত প্ৰেম দেখে তত চন্দ্ৰকান্তই সেই ডেকা-গাভৰুক সন্মান কৰিব জানে। প্ৰকৃত প্ৰেমৰ সন্মান ইন্দ্ৰবংশী চন্দ্ৰকান্তই জানে। ৰাণী! তুমি অলপ দুৱাৰৰ আঁৰ হোৱা মই বৰবৰুৱাক মাতোঁ।” ৰজাৰ এই কথাত ৰাণীমাও দুৱাৰৰ আঁৰ হ'ল। তেতিয়া ৰজাই বৰবৰুৱাক মতাই আনি ক'লে— “ডাঙৰীয়া, মই ৰহদৈ আৰু সেই ডেকাটোক বিনাদণ্ডে মুক্তি দিলোঁ। সিহঁত য'লৈকে ইচ্ছা তলৈকে যাব পাৰে। ইচ্ছা কৰিলে ডেকাজনে গাভৰুজনীক বিয়া কৰাব পাৰে। ৰহদৈক এই সোণৰ মোহৰ কুৰি দিবা। তাই আজি চাৰি বছৰে মোক সেৱা-শুশ্ৰূষা কৰিছে। মই তাইৰ ওপৰত সন্তুষ্ট হৈ তাইক এৰি দিছোঁ। তুমি গৈ মোৰ আদেশ শুনাই সিহঁতক এৰি দিবা।” ৰজাই এই আদেশ দি উঠিছে মাথোন এনেতে ৰাজমাও ভিতৰৰ ফালৰ পৰা ওলাই আহি সুধিলে— “গোহাঁইদেৱ! চোৰ চুৰুণীহালৰ কি দণ্ড বিহিলা।” চন্দ্ৰকান্ত— আইদেউতা, মই সিহঁতক বিনাদণ্ডে এৰি দিছোঁ। ৰাজমাও— কেলেই তেনেকৈ এৰি দিলা? ৰজা— আইদেউতা! সিহঁতহালেই প্ৰকৃত প্ৰেমিক-প্ৰেমিকা। ৰহদৈ সতী। ৰাজমাও— ভাল সতীজনী পালা গোহাঁইদেৱ! যিজনী তিৰোতাই তোমাকো অৱহেলা কৰি এটা বেজৰ লগত প্ৰণয় পাতে তাই বৰ সতী! তাইক মোৰ বিবেচনাৰে চুলি কাটি বঙালত বেচিব লাগিছিল। আন কি তাইক ৰূপচিং বঙালক দিয়া হ'লেও হ'লহেঁতেন। ৰজা— আইদেউতা! মই যেতিয়াই এটা আদেশ দি পেলালোঁ তেতিয়া আৰু তাক লুটিয়াব নোৱাৰোঁ। ৰাজমাও— বাৰু নালাগে তুমি লুটিয়াব। (বৰবৰুৱালৈ চাই)— বৰবৰুৱা তুমি অলপমান মোক মোৰ ঘৰত লগ ধৰি যাবা। বৰবৰুৱা— ভাল বাইদেউ!