ৰহদৈ লিগিৰী ১৫ ক'লৈ যে দিন-বাৰ এটা চোৱাই সকলো ঠিক-ঠাক কৰি তেওঁ এই মাহৰ ভিতৰত বিয়াখন পাতিব। দুয়োঘৰে এইদৰে মনে মনে মিলাপ্ৰীতি হৈ কথা-বতৰা স্থিৰ কৰিলে। ধনীৰাম মেধিয়ে ভাৰ-ভেটী দি ৰতিকান্তই দিয়া জা-জলপান খাই আনন্দ মনেৰে নিজৰ ঘৰলৈ উলটিল। দ্বাদশ অধ্যায় মনে খোজে ৰজা হ'ব, বিধাতাই নিদিয়ে খুজি খাব। আমাৰ অসমীয়া মানুহৰ এটি ফকৰা আছে যে “দাতাই দিলেও বিধাতাই নিদিয়ে” অথবা মনে ৰজা হ'ব খোজে বিধাতাই কিন্তু খাবলৈকো উপায় নিদিয়ে। এই ফকৰা বচনটো অনেক মানুহৰ জীৱনত ফলে। আমাৰ দয়াৰাম আৰু ৰহদৈৰ ভাগ্যত এই ফকৰাটো সম্পূৰ্ণৰূপে ফলিল। দয়াৰামৰ বাপেক ভাৰ-ভেটী পেলাই ৰহদৈক পুতেকলৈ খোজা-বঢ়া কৰাৰ তিনদিনৰ পিছত ৰংপুৰৰ পৰা এজন ব্ৰাহ্মণ কটকী, চাৰিজন আহোম চাওডাঙে সৈতে ৰতিকান্তৰ ঘৰত উপস্থিত হ'লহি। ৰজাঘৰীয়া চাওদাং টেকেলাক দেখি ৰতিকান্ত আনকি তেওঁৰ ওচৰ-চুবুৰীয়াৰো চুলিৰ আগতহে জীৱ ৰ'লগৈ। তেওঁলোকে ভাবিলে তেওঁলোকেনো ৰজাঘৰত কি জগৰ লগালে যে চাৰিজনকৈ চাওডাং টেকেলা ৰতিকান্তৰ ঘৰলৈ আছিল। ভয়তে কঁপি কঁপি ৰতিকান্তই ব্ৰাহ্মণ আৰু টেকেলাকেইজনক বহিবলৈ ঢাৰি-কঠ একোডোখৰ দি ভিতৰলৈ গৈ বঁটাত তামোল-পাণ, কটাৰী আনি ব্ৰাহ্মণজনৰ আগত থৈ দুয়োহাত যুৰি আঁঠু লৈ সুধিলে— “দেউ আৰু আমাৰ টেকেলা ককাইটিহঁত, আপোনাসকলে কি সকামত বা এই দুখীয়া নিচলাৰ পঁজাত ভৰিৰ ধূলা পেলালেহি?” কটকী— তোমাৰ ৰহদৈ নামৰ জীয়ৰী এজনী আছে নহয়? ৰতিকান্ত— হয় আছে। কটকী— তাই এইবাৰ ৰজাঘৰত পূজা চাবলৈ নগৈছিলনে? ৰতিকান্ত— গৈছিল। পিছত মোৰ আকলন ছোৱালীজনীয়ে বা ৰজাঘৰত কি জগৰ লগালে? কটকী— তাই একো জগৰ লগোৱা নাই। পিছত ছোৱালীজনীক ইয়ালৈ মাতি আনাচোন। কটকীৰ এই আদেশত ৰতিকান্তই জীয়েকক মাটি পঠিয়ালে। ৰহদৈ থোতমোতকৈ আহি আগত ওলাল। কটকীজনে ৰহদৈৰ পিনে চাই ক'লে— “এৰা
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৮
অৱয়ব