সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১৩ সকলোবিলাক ঘৰাঘৰি গ'ল। ঘৰলৈ যাবৰ সময়ত দয়াৰামে ৰহদৈক বাটত লগ ধৰি সুধিলে— “ৰহদৈ! প্ৰথম দিনাই ৰজাৰ ওচৰৰ পৰা সেই বিষয়াজনাই আহি তোক মোৰ পৰা অলপ আঁতৰ কৰি নি কি সুধিছিল?” ৰহদৈ— সেইজনে দেখোন মোৰ নাম, ধাম, আই, বোপাই ইত্যাদি সকলোৰে কথা সুধিছিল। দয়াৰাম— কিয় সুধিছিল ক'ব পাৰনে? ৰহদৈ— এ পাই! মই একোকে বুজিব নোৱাৰিলোঁ। দয়াৰাম— মোৰ দেখোন মনটোৱে কৈছে এই সোধ-পোছৰ শেহ ফলটো ভাল নহ'ব। যি কি নহওক ৰহদৈ! মই তোক কথা এষাৰ সোধোঁ। তই মোক এই কথাৰ সঠিক উত্তৰ দিবিনে? ৰহদৈ— এ পাই! মইনো তোক কোন দিনা কোন কথাৰ সঠিক উত্তৰ দিয়া নাই। কি সুধিব খুজিছ সোধ আকৌ। দয়াৰাম— ৰহদৈ! সৰুৰে পৰা মই তোৰ লগত একেলগে ম'হ ৰখি, নৈত সাঁতুৰি, বিহুত ৰং-ধেমালি কৰি নাচি-বাগি ডাঙৰ হৈছোঁ। মই তোক সৰুৰে পৰা ভাল পাই আহিছোঁ আৰু এতিয়া মই তোক আগতকৈও ভাল পাওঁ। মোৰ ইচ্ছা হয় ম‍ই যেন তোৰ লগ এখন্তেকো নেৰিম। পিছত ম‍ই যদি বোপাইৰ হতুৱাই তোক মোলৈ খোজবঢ়া কৰাওঁ, তেন্তে তই ভাল পাবিনে বেয়া পাবি ক! দয়াৰামৰ এই কথাত ৰহদৈ নিমাত হৈ ৰ'ল। তাই তললৈ মূৰ কৰি ৰ'ল— কোনো উত্তৰ নিদিলে। দয়াৰামে তেতিয়া ৰহদৈৰ হাতখন ধৰি আকৌ ক'লে— “ক ৰহদৈ, তই বেয়া পাবি নেকি?” ৰহদৈ— বেয়া-ভাল নো কি আছে। তোৰ দেউতাৰে যদি খোজে আৰু মোৰ আই-বোপায়ে যদি দিয়ে তেন্তেনো আৰু তোলৈ নগৈ কি কৰিম। যাব লাগিব। দয়াৰাম— এঃ তই ভাল মনেৰে আহিবি নে দঁড়িত বান্দৰ নচাৰ দৰে আহিবি সেইটো ক। ৰহদৈ— (অলপ হাঁহি) তোকনো ম‍ই কিদৰে ক'ব লাগে। ম‍ই দেখোন ক'লোৱেই। পিছত ম‍ই এটা কথা সোধোঁ। তহঁতৰ ঘৰৰ মানুহ ধনী, আমাৰ ঘৰ হ'লো দুখীয়া মানুহ। দেউতাৰ আকৌ সত্ৰৰ মেধি! আমাৰ নিচিনা দুখীয়া মানুহক জানো দেউতাৰে বোৱাৰী কৰিব ভাল পাব? দয়াৰাম— ৰহদৈ! মই তোক এইটো সঠিককৈ ক'ব পাৰোঁ যদিও মাহীয়ে মোক দুখ-কষ্ট দিয়ে তথাপি দেউতাই হ'লে মোক পেটে সমন্বিতে বৰ মৰম কৰে যদিও মাহীৰ দঁড়িত সেই মৰম মুখেৰে দেখুৱাব নোৱাৰে। দেউতাই এদিন তেওঁৰ লগৰ