সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ ৰহদৈ লিগিৰী ৰাইজে দিয়া বস্তুৰে তেওঁবিলাকে ভোগ তৈয়াৰ কৰি ৰাধাকৃষ্ণ মূৰ্তিৰ আগত নিবেদন কৰি তিনিও ভোগ খাই নিশা সেই ধুনিৰ জুইৰ কাষতে ধানখেৰ পাৰি পৰি ৰ'ল। নাম ঘৰত গৈ নুশুলে। 25 পিছদিনা ৰাতিপুৱা আমাৰ কৃষ্ণদাসী আৰু শ্ৰৱণানন্দই সেই গাঁওখনলৈ ভিক্ষা মাগিবলৈ গৈ পোনেই বামুণ এঘৰৰ দুৱাৰমুখত থিয় দিয়ে দেখিলে সৰ্বনাশ এটা অকৰামূৰীয়া বেঙা, দেখিবলৈ ডোমৰ দৰে ক'লা বামুণৰ ডেকাই সেই ৰাতিপুৱাই কোমল বয়সৰ তাৰ নতুনকৈ বিয়া কৰাই অনা ঘৈণীয়েকজনীক “শালীৰ বেটী নটী! বুলি গালি পাৰি কাঠ খৰি এডালেৰে গাত উধাই-মুধাই টঙনিয়াইছে। তাই “আই ঔ পৰিলোঁ ঔ দেউতা তইনো মোক এইটোলৈহে বিয়া দিবলৈ পাইছিলিনে ঔ?” বুলি চিঞৰ মৰাত ডেকাটোৰ বুঢ়া বাপেকটো ওলাই আহি “হেৰ মঙহ খোৱা! তই কালি বিয়া কৰাই আনি আজি পুৱাইনো এই ডাঙৰ মানুহৰ ঘৰৰ জীয়ৰীজনীক টঙনিয়াব পাৱনে? “হেৰ এৰ এৰ” বুলি এৰুৱাবলৈ যাওঁতেই পাষণ্ডই বাপেকৰ ভৰিতে সেই টাঙোনডালেৰে মাৰ এটা দিয়াত বাপেক লুটি খাই পৰিল। বাপেকক মাৰি উঠি ঘৈণীয়েকক আকৌ মাৰিব খোজোঁতে কৃষ্ণদাসী আৰু শ্ৰৱণানন্দই “হাঁ হাঁ কি কৰ” বুলি খেদা মাৰি গৈ কৃষ্ণদাসীয়ে সেই অনাথিনী গাভৰুজনীক আঁকোৱালি ধৰিলে। শ্ৰৱণানন্দই চকুৰ পচাৰত তাৰ হাতৰ পৰা টাঙোনডাল আঁজোৰ মাৰি দলিয়াই পেলালে। এনেতে গাঁৱৰ ওচৰৰ মানুহ-দুনুহ আৰু সেই গাভৰুজনীৰ এজন বলিষ্ঠ খুৰাক সেই ঠাই পালেহি। তেতিয়া কথা কি বতৰা কি সোধাত কৃষ্ণদাসী আৰু শ্ৰৱণানন্দই যি দেখিছিল, শুনিছিল সকলোবিলাক ক'লে। তেতিয়া সেই গাভৰুজনীৰ খুৰাকে সেই পাষণ্ডটোলৈ চাই ক'লে— “তই হোৱাই-নোহোৱাই ছাৱালীজনীক কেলেই এইদৰে পিট?” এইবুলি কোৱা মাত্ৰকে সি আকৌ সেই ভাল মানুহজনকো গালি পাৰিলে “পিটিম মোৰ তিৰোতা শালা তই কোন।” এইষাৰ কোৱাত সেই ছোৱালীজনীৰ খুৰাকৰ অসহনীয় আৰু মৰ্মান্তিক খং উঠি তেওঁৰ হাতত থকা লাঠীডালেৰে সেই পাষণ্ডটোক সোঁহতখনতে এটা টাঙোন মাৰি সকলোৰে আগতে “নালাগে বাছা! তই ই শালাৰ তাত খাবলৈ। খুৰী শালিকী হৈ মোৰ ঘৰতে খাবি। বাপেৰ মৰিল ম‍ই আছোঁ।” এইবুলি কৈ গাভৰুজনীক লৈ তেওঁ ঘৰলৈ গ'ল। কৃষ্ণদাসী আৰু শ্ৰৱণানন্দই ভিক্ষা পাওক চাৰি এইবিলাক দেখি-শুনি বেজাৰ মনেৰে তেওঁলোকৰ আসনলৈ উলটি গ'ল। কৃষ্ণদাসীয়ে শ্ৰৱণানন্দক সুধিলে— “কেনে দেখিলা গুৰুভাই?” শ্ৰৱণানন্দ— কি দেখিম বহিন। তললৈ যাবলৈ উপক্ৰম হৈছে। কি চাই যে এই ছোৱালীজনীৰ বাপেকে এইক কেনেকুৱা পাষণ্ডটোলৈ দিছিল ক'ব নোৱাৰোঁ।