১৩০ ৰহদৈ লিগিৰী ৰজাৰ প্ৰাণ মৰাব নোৱাৰি কাণখনকে কটোৱালে। কলি আৰু পাপৰ সোঁত ইয়াতকৈনো আৰু কি হ'ব পাৰে। বাৰু প্ৰজাৰ ভিতৰত পাপ-পুইণ কিমান তাকো এফেৰা চাই ফুৰোহঁক। ঊৰ্ধ্ববাহু— বাৰু! তাকে হ'লেই চাই ফুৰোঁ। এইদৰে তেওঁলোকৰ কথা-বতৰা হোৱাৰ পিছত, বেলি এপৰমান হ'লত এটি- দুটিকৈ আঠপৰীয়া পূজাৰী শুই উঠিল। কৃষ্ণদাসীয়ে আঠপৰীয়া এজনক মাত দি ক'লে— “আঠপৰীয়া বাবা! গ'ল নিশা এই সাধু দুজন এই ঠাইত অনাহাৰে পৰি আছিল। মঠৰ দলৈক গৈ কোৱাচো আমাৰ ৰাধাকৃষ্ণ যুগলত ভোগ চৰাবলৈ যি হয় অলপ সিধা দিবলৈ আদেশ কৰক।” আঠপৰীয়া— (জেকেৰা মাতেৰে) “এৰা! মই এতিয়া ‘তহঁতৰ আজ্ঞা শিৰত লৈ দলৈৰ তালৈ নগৈহে নোৱাৰিছো। যদি খকে ধৰিছে নিজে গৈ নো নকৱ কেলেই?” এইকেইযোৰ কৈয়েই আঠপৰীয়া একাষৰীয়া হৈ গুচি গ'ল। তাৰ কথাত মিচিককৈ হাঁহি এটা মাৰি কৃষ্ণদাসীয়ে শ্ৰৱণানন্দক ক'লে, “গুৰভাই! ব'লচোঁ দুয়ো দলৈৰ ঘৰলৈ যাওঁ।” এই বুলি শ্ৰৱণানন্দক লৈ কৃষ্ণদাসী দলৈৰ ঘৰৰ ফালে গ'ল। দলৈৰ ঘৰ পাই দুয়ো “জয় ৰাধে কৃষ্ণ, জয় ৰাধে কৃষ্ণ” বুলি চৰাঘৰৰ আগত থিয় হ'ল। দলৈয়ে সেই সময়ত ঢাৰি পাৰ্টীৰ পৰা উঠি চকু-মুখ মোহাৰি পীৰাত বহি হোকা হুপি আছিল। শ্ৰৱণানন্দ আৰু কৃষ্ণদাসীৰ মাত শুনি দলৈয়ে জেকেৰা মাৰি সুধিলে— “কোন তহঁত! কি লাগে?” শ্ৰৱণানন্দই হিন্দুস্থানী মাতেৰে ক'লে— “বাবা! আমি সন্ন্যাসী ফকীৰ। গ'ল কালি আহি এইখিনি পাই দলৰ আলহী ঘৰতে লঘোণে-ভোকে পৰি আছিলোঁ। পিছত এতিয়া আমাৰ ৰাধাকৃষ্ণ মূৰ্তিৰ আগত ভোগ চৰাবলৈ খুজিলোঁ।” দলৈ— চৰাগৈ ভোগ। তহঁতকনো কোনে মানা কৰিছে। ৰাতিপুৱাই কেলেই খেচখেচাব আহিলি। কৃষ্ণদাসী— বাবা! ভোগৰ নিমিত্তে আমাৰ হাতত একোৱেই নাই। অলপ আটা, ঘিউ আৰু ৰামৰস দিলে আমি বনাই মূৰ্তিৰ আগত ভোগ চৰাব পাৰো। দলৈ— হেৰ! তহঁতলৈ কোনেনো আটা, ঘিউ, দাইল আনি থৈছে হো। যা ভঁৰালীক কগৈ তহঁতক যি হয় অলপ চাউল, লোণ-তেল দিয়ক। কৃষ্ণদাসী— আমি ভঁৰালীক খুজিছিলো। তেওঁ ক'লে দলৈৰ আদেশ নহ'লে “আমি কাকো সিধা দিব নোৱাৰো” বোলাতহে আমি এইখিনি পাইছোহি, নহ'লে বাবা! আপোনাক দিক্দাৰি নকৰিলোহেঁতেন। কৃষ্ণদাসীয়ে এইদৰে কোৱাত দলৈয়ে তেওঁৰ চাকৰ এটাৰ আগত এই
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩৩
অৱয়ব