সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ ৰহদৈ লিগিৰী কৈয়েই ৰাণীক আৰু ৰজাকো এফেৰা চিন্তাত পেলাই ঘপহকৰে উঠি বাহিৰলৈ আহিল আৰু শ্ৰৱণানন্দ, ঊৰ্ধ্ববাহু উভয়কে লগত লৈ গোলাঘাটৰ পিনে গ'ল। তাৰ পৰা পিছদিনা নেঘেৰিটিঙৰ শিৱদৌল পালেগৈ। অষ্টম অধ্যায় নাহৰণীৰ শিৱদৌলত শিৱদৌল পাই আমাৰ কৃষ্ণদাসী আৰু সন্ন্যাসী দুজন তিনিও শিৱদৌলৰ সংলগ্নত থকা আলহী ঘৰত গধূলি গৈ উঠিল। তাত গৈ দেখে যে গধূলি আৰতি আৰু পূজা হৈ যোৱাৰ পিছত দৌলৰ আগত থকা নাটমন্দিৰ ঘৰটোৰ ভিতৰত ড্ৰেগঞা নট-নটীসকলে নৃত্য-গীত কৰিছে। সেই নৃত্য-গীত চাবলৈ ওচৰৰ গাঁৱৰ ডেকা-গাভৰু ভালেমান আহিছে। সকলোবিলাক নটীৰ নাচনত বিভোল আন কি বামুণৰ ল'ৰাবিলাকেও নটীসকলক অশ্লীল আৰু মধুৰ বাক্য ৰসেৰে উৎসাহ দিছে। নটিনীসকলেও বিগ্ৰহৰ তৃপ্তি লগোৱাতকৈ, নিজৰ নাচনত বিভোল হোৱাতকৈ ডেকাসকলৰ তৃপ্তি লগাবলৈহে তৎপৰ। আমোদত সকলোবিলাক বিভোৰ। দূৰৰ পৰা অহা আলহী-অতিথিৰ খবৰ লওতা কেও নাই। তেওঁবিলাক তিনিও জোলোঙাৰ পৰা ৰাধাকৃষ্ণৰ মূৰ্তি দুটি উলিয়াই মাটিতে এখন থালত থাপি সৰু থাল এখনিতে এডোখৰ কৰ্পূৰ জোলোঙাৰ পৰা উলিয়াই সেই কৰ্পূৰ জ্বলাই আৰতি কৰি স্তোত্ৰ গালে— তাৰ পিছত কৃষ্ণদাসীয়ে নিজে নিজে গালে :— “পাপ সাগৰত তল নিয়াইলেক বলে কৰি দুৰাচাৰ। ৰাম নাম বিনে পাপ এৰাইবাৰ উপাই নাহিকে আৰ॥ হৰিত শৰণ লৈয়া যিটো জন সদা ৰাম নাম গাৱে। হোক বা সকাম নিষ্কাম তথাপি কলিৰ দোষ নপাৱে। ” নামঘোষা এই ঘোষাটো গাই উঠাৰ পিছত শ্ৰৱণানন্দ আৰু ঊৰ্ধ্ববাহুৱে ঘটীতকৈ বাটৰ পৰা অনা পানী উলিয়াই এচিলিম ভাং তৈয়াৰ কৰি খাই তিনিও সেই আলহী ঘৰতে একো নোখোৱাকৈ পৰি থাকিল। ইফালে কিন্তু নাট মন্দিৰত নিশা দুটামানলৈকে নটীৰ নাচ