কতনো আমোঘ ৰহদৈ লিগিৰী কৰিয়া আছোঁ প্ৰচুৰ। ১২৩ অপৰাধ হৰি হিয়াত থাকিয়া নেদাহা সুবুদ্ধি কৃপাৰ হুয়া ঠাকুৰ॥ যিহেতু তোমাৰ চৰণ পঙ্কজে নভজিলোঁ নাৰায়ণ। সিহেতু অনাদি অবিদ্যা আমাৰ কৰিলে জ্ঞান উচ্ছন্ন।। তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ নভজো তোমাৰ পাৱে। এহি দোষ মোক যমদূতে ধৰি যাতনা দুখ ভুঞ্জায়ে॥ তুমি প্ৰিয়া আত্মা পৰম দেৱতা তোমাৰ ভৈলো বিমুখ। এতেকে তোমাৰ মায়ায়ে আমাক দিলেক সংসাৰ দুখ॥ নামঘোষা মিঠা মাতেৰে সুললিত সুৰে, কৃষ্ণদাসীয়ে এই ঘোষাটি গোৱা হলত ভগা- ৰজা চন্দ্ৰকান্তই ধীৰে ধীৰে মাত লগালে— “বৈষ্ণৱী, তোমাৰ মাতটো যেন মই আগেয়ে ক'ৰবাত শুনিছিলোঁ এনেকুৱা যেন লাগিছে। তোমাৰ এই গীতটোৱে মোৰ প্ৰাণ বৰ আকুল কৰিলে। তুমি আকৌ এইটো গোৱাচোন। ৰজাৰ এই কাতৰ অনুৰোধ এৰাব নোৱাৰি কৃষ্ণদাসীয়ে আকৌ ঘোষাটো গালে। ৰজাৰ চকুৰে দুধাৰ লো বলে। তাৰ পিছত ৰজাই ক'লে,— “বৈষ্ণৱী! তোমাৰ মাতটো মোৰ তাহানিৰ ৰহদৈ লিগিৰীৰ মাত যেন লাগে। কোৱাচোঁ বৈষ্ণৱী তুমি কোন।” কৃষ্ণদাসী— মই জানিলো আপুনি আমাৰ ভগা ৰজা চন্দ্ৰকান্ত সিংহ। স্বৰ্গদেৱ, মই এজনী দুখুনী ভিখাৰিণী। মই দেশ-বিদেশে মোৰ একমাত্ৰ বন্ধু প্ৰভু কৃষ্ণৰ নাম গুণ গাই খুজি-মাগি খাই ফুৰোঁ। ৰজা- তুমি আগৰ অসমীয়া মানুহ নে আন কোনো বিদেশৰ। অসমত ভালেমান দিন থাকি অসমীয়া মাত কথা গীত-পদ শিকিছানে? কৃষ্ণদাসী— স্বৰ্গদেৱ মোক এতিয়া যিহকে বোলে তাকে বুলিব পাৰে। মোৰ বৰ্তমানত ঘৰ-দুৱাৰ নাই, নিজৰ বুলিবলৈ কোনোখন দেশেই নাই।
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৬
অৱয়ব