সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১১৫ প্ৰথম অধ্যায় চন্দ্ৰকান্ত সিংহ ৰুচিনাথ, ব্ৰজনাথ, পুৰন্দৰ সিংহ তিনিজনাই সসৈন্যে নামতিদল পাওতেই চন্দ্ৰকান্ত ৰজাৰ ৰণুৱাসকলৰ সৈতে এটা সৰু-সুৰা ৰণ হ'ল। সেই ৰণত চন্দ্ৰকান্তৰ পক্ষ তেনেই হাৰি যেয়ে যি পিনে পাৰে পলাল। চন্দ্ৰকাকন্ত ৰজাও লগতে ৰাণী আৰু দুজনী বিশ্বাসী শৰীৰ ৰক্ষক আহোম ৰণুৱা লৈ ৰাজমাৱক কাৰেঙত অকলৈ এৰি থৈ পলাল। ৰুচিনাথ গোহাঁইদেৱে নিৰ্বিঘ্নে ৰংপুৰ পাই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক লগত লৈ চন্দ্ৰকাকন্তক ৰজা ভাঙিলে বুলি ঢোল পিটি শুনাই দিলে আৰু ব্ৰজনাথ সিংহৰ কাণ এখনত সেই ঘুণফেৰা থকা বাবে তেওঁক ৰজা নেপাতি পুৰন্দৰ সিংহই ৰজা হৈয়ে চন্দ্ৰকান্ত ৰজাক ধৰি বধ কৰিবলৈ আৰু বধ কৰিব নোৱাৰিলেও শৰীৰত এফেৰা চিৰস্থায়ী ঘুণ কৰিবলৈ চোৰাংচোৱা আৰু চাওডাং মেলিলে। চন্দ্ৰকান্তই ইঠাই সিঠাই কৰি পলাই ফুৰিব ধৰিলে। চন্দ্ৰকান্তৰ ফলীয়া প্ৰজা যে নাছিল এনেকুৱা নহয়। সত্ৰাম আৰু বুঢ়াগোহাঁইৰ দিনৰে পৰা গোটেইখন অসমৰে প্ৰজা দুভাগ হৈ ৰৈছিল। কেৱে পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ৰাজমাৱৰ ফলীয়া, কেৱে সৰাম, ৰজা আৰু বদন বৰফুকনৰ ফলীয়া আছিল। সেইদেখি চন্দ্ৰকান্ত ৰজাই পুৰন্দৰ সিংহৰ চাওডাঙৰ হাতত সহজে ধৰা নপৰাকৈ পলাই ফুৰিব পাৰিছিল। তেওঁ সেই ফাগুনৰে পৰা আহাৰ মাহলৈকে ৰংপুৰতে পলাই আছিল। তাৰ পিছত শাওণৰ পৰা আহিনলৈ যোৰহাট অঞ্চলত, তাৰ পিছত কাতিত তেওঁ গৈ তেওঁৰ সম্পৰ্কীয় এজন আহোম গোহাঁইৰ ঘৰত মৰঙিৰ ধনশিৰী নৈৰ পাৰৰ গাঁও এখনত লুকাই ৰ'লগৈ। ৰাজমাও দেউতা কাৰেঙতে নিজকে নিৰাপদ ভাবি ৰ'ল। দ্বিতীয় অধ্যায় ৰাজমাও দেউতাৰ পৰিণাম অসমৰ ভাগ্যনিয়ন্ত্ৰী চন্দ্ৰকান্ত সিংহৰ ৰজাৰ মাতৃ ৰাজমাও দেউতাই ভাবিছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দিনত তেওঁ যি মান-সৎকাৰে সৈতে আছিল, ৰুচিনাথৰ দিনতো সেইদৰেই থাকিবলৈ পাব। পুতেক চন্দ্ৰকান্তক হাতৰ পুতলাস্বৰূপে ৰাখি ৰুচিনাথ গোহাঁইদেউক হাতত ৰাখি তেৱেঁ ৰাজ্য চলাব। তেওঁৰ এই আশা সম্পূৰ্ণ নিষ্ফল হ'ল। চন্দ্ৰকান্তক ৰজা ভাঙি ৰুচিনাথ গোহাঁইদেৱে পুৰন্দৰ সিংহক ৰজা পতা