সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১১১ গাঁৱৰ পৰা গোটোৱালে আৰু ৰহদৈক সেইদৰে জীয়াই জীয়াই পোতাৰ এমাহৰ মূৰত আগমানন্দ স্বামীয়েও সেইদৰে সিটো গহ্বৰত সমাধি ল'লে। আঘোণৰ এদিন কি দুদিনতে ৰহদৈক সমাধি দিয়া হৈছিল। এদিন দুদিনকৈ, এমাহ দুমাহকৈ, দহ মা দহ দিন হ'ল। ভাদৰ ১১ কি ১২ দিন যোৱাত আগমানন্দই শিকাই থৈ যোৱা মতে শ্ৰৱণানন্দ স্বামীয়ে ৰহদৈক পুতি থোৱা গহ্বৰটোৰ মুখৰ শিলছটা গুচাই তললৈ নামি গ'ল। তাত গৈ ৰহদৈৰ দীঘল শৰীৰটো পৰীক্ষা কৰিব ধৰিলে। ৰহদৈৰ সিদ্ধাসন ভাঙি ৰহদৈ দীঘল হৈ তুলাৰ ওপৰত পৰি আছে। শ্ৰৱণানন্দই দেখিলে যে ৰহদৈৰ দুয়োখন ভৰি তলুৱাৰে পৰা মূৰলৈকে ছাল ফাটিছে। ৰহদৈৰ ভৰিৰ পৰা লাহে লাহে সেই ফটা ছালৰ মোটটো ওপৰলৈ তুলিলে। তাৰ পিছত আলফুলকৈ ৰহদৈৰ শৰীৰটো অলপ লৰাই-চৰাই মোটটো মুৰেদি কাঢ়ি উলিয়ালে। ৰহদৈৰ চকুৰ পিৰঠিত অলপ অলপ গৰুৰ গৰম ঘিউ দি লাহে লাহে মালিচ দিলে। ৰহদৈৰ শৰীৰলৈ জীৱন আহিল। ৰহদৈয়ে চকু মেলিলে। চকু মেলাত শ্ৰৱণানন্দই পগাই নিয়া যৱৰ মণ্ড সৰু কোষা এটাৰে অলপ অলপকৈ ৰহদৈৰ মুখত দিলে। ৰহদৈক সেইদিনালৈ সিমানতে গহবৰৰ ভিতৰত থ'লে। পিছদিনা এখন গেৰুৱা কাপোৰ নি গাত মেৰালে— আৰু যবৰ মগুৰ লগে লগে গৰুৰ গাখীৰ পিয়ালে। এইদৰে প্ৰায় এমাহ যৱৰ মণ্ড, গৰুৰ গাখীৰ, পিছলৈ মোহনভোগ ইত্যাদি খুৱাই এমাহৰ মূৰত ৰহদৈক উলিয়াই আনিলে — ভূৱন মোহিনী ৰূপৰ ৰহদৈ এজনী তিনিকুৰি বছৰীয়া বুঢ়ীৰ চেহেৰা লৈ ওলাল। নৈলৈ গা ধুবলৈ গৈ ৰহদৈয়ে দেখিলে তাইৰ চেহেৰা কি হৈছে। শ্ৰৱণানন্দই ৰহদৈক ক'লে যে বাবাৰ আদেশমতে তাইৰ নাম ৰহদৈ গুচি কৃষ্ণদাসী হ'ল। এতিয়াৰ পৰা তাই কেতিয়াও আগৰ নামেৰে কাকো যেন পৰিচয় নিদিয়ে আৰু বাবাও সিটো গুহাৰ পৰা এটা ১৮ বছৰীয়া ল'ৰা হৈ নোলাই মানে তেওঁবিলাক তাতে থাকিব লাগিব। যথাসময়ত অৰ্থাৎ আহিন মাহত আগমানন্দ স্বামীকো সেইদৰে পৰামানন্দ স্বামীয়ে গহ্বৰৰ পৰা উলিয়ালে। বুঢ়া ৰঙা বৰণৰ ওঠৰ বছৰ বয়সীয়া ডেকা ল'ৰা হৈ ওলাল। তেওঁৰ নাম প্ৰেমানন্দ স্বামী।