সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১০৭ মোক জলা-কলা কৰিব, সেই দেখি বাবা, মোৰ এই ৰূপটো বদলাই মোক এজনী দেখিবলৈ এলাগী, গাত ফুৰিব-চাকিবলৈ মাথোঁ সমৰ্থ থকা, ভোগৰ বাঞ্ছালৈ ইচ্ছা নোহোৱা তিনিকুৰি বছৰ বয়সীয়া বুঢ়ী কৰি দিয়ক যদিহে মই সংসাৰত থাকি কৃষ্ণনাম গাই ফুৰিব লাগে।” আগমানন্দ— “মা! তই এটা অসম্ভৱ বস্তু বিচাৰিছ। মই কওঁ শুন। ঈশ্বৰে লীলা কৰিবৰ মনেৰেই নিজে এইদৰে অৰূপৰ পৰা অপৰূপ বহুৰূপ হৈছে। তেওঁ মনুষ্যৰূপেও জন্মিছে, বাঢ়িছে, বৃদ্ধ হৈছে, মৰিছে। পুৰুষ হ'লে স্ত্ৰীৰ সংসৰ্গ কৰি আৰু স্ত্ৰী হ'লে পুৰুষৰ সংসৰ্গ লভি সৃষ্টি বঢ়াইছে, ৰক্ষা কৰিছে, স্ত্ৰী-পুত্ৰ সন্তানাদি উৎপন্ন কৰিও কৃষ্ণ নাম ল'ব পৰাটোহে শ্ৰেষ্ঠ পথ। তোক ম‍ই গৃহী হ'বলৈ ক'লোঁ। তোৰ পূৰ্বজন্মৰ ফলত তোৰ গিৰস্থী নহ'ল, তই সন্ন্যাস লৈছ। ধীৰে ধীৰে তোৰ যৌৱন যাব, তই বৃদ্ধা হ’বি। ঈশ্বৰৰ নিৰ্দিষ্ট সময় অনুসাৰে তোৰ ৰূপ বদলি গৈ থাকিব। তই হঠাতে তোৰ ৰূপটো বদলাবলৈ খুজিলে কেনেকৈ বদলাবি। বল কৰি বদলাবলৈ গ'লে তই ঈশ্বৰ কৃষ্ণৰ নিয়মৰ বিৰুদ্ধাচাৰিণীহে হ’বি। ৰহদৈ— “বাবা! তেন্তেনো মোক মোৰ ৰূপ দেখি সকলোৱে কিয় লালসা কৰে। দেখক আপোনাৰ চেলা শ্ৰৱণানন্দয়ো মোক তাৰ তিৰোতা কৰিব বিচাৰিছিল। এনেকুৱা মোৰ এই বৈৰী ৰূপটোক মই ৰাখিব নোখোজোঁ। মহাভাৰতত দেখোন লেখা আছে চিন্তা ৰাণীয়ে নাৱৰীয়াৰ নাৱত উঠি নাৱৰীয়াই কেনেবাকৈ তেওঁৰ ৰূপত ভোল গৈ তেওঁৰ সতীত্ব নাশ কৰে বুলি সূৰ্যক আৰাধনা কৰি সু-ৰূপটো বদলাই কুৰূপ ল’লে। যদি এই কথা সঁচা হয় তেন্তে আপুনি, যিজনে মোক ৰাণী পাতিব খোজে, জমিদাৰী দিব খোজে, হীৰাৰ হাৰ দিব খোজে, সেইজনেনো মোক মোৰ ৰূপটো যোগবলেৰে বদলাই দিব নোৱাৰেনে? যদি নোৱাৰে কওক তেন্তে মই আৰু আপোনাক দক্ষিণা নোখোজোঁ। মই মুক্তকণ্ঠে আপোনাক আপোনাৰ প্ৰতিজ্ঞাৰ পৰা মুক্ত কৰিলো। মই আপোনাৰ পৰা বিদায় ল'লো। যলৈকে পাওঁ তলৈকে যাওঁ, যি ইচ্ছা তাকে কৰিম। যদি কৰিব পাৰে তেন্তে আপুনি এই কথাটো নকৰিলে আপোনাৰ সাধনা সিদ্ধি নহ'ব।” আগমানন্দ— “(মিচিকিয়া হাঁহি) মা। তোৰ কণ্ঠত দুষ্টা সৰস্বতী বহিছে। নহ'লেনো তই মোৰ এইটো দক্ষিণা কেলেই বিচাৰিবি। যি কি নহওক মই তোক কওঁ যে এই ভাৰত-ভূমিত বিশেষ উত্তৰা খণ্ডত এতিয়াও 'যোগ' বুলি এটা বৰ ডাঙৰ বিজ্ঞান আছে। যোগৰ বলত কৰিব নোৱৰা কাম একোৱেই নাই। বুঢ়াসাপে মোটকাঢ়ি ডেকা হোৱাৰ দৰে যোগৰ বিধানমতে চলি বুঢ়া মানুহেও এতৰপ ছাল সোলোকাই বা নিজৰ মোট নিজে কাঢ়ি ডেকা হ'ব পাৰে। ডেকা অৱস্থাৰ