পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহদৈ লিগিৰী

প্ৰথম অধ্যায়

ৰহদৈ


 আমাৰ ৰহদৈ লিগিৰীৰ ঘৰ উজনীৰ মাজুলীত থকা কমলাবাৰী গাঁৱত আছিল। সেই সময়ত অৰ্থাৎ মানৰ দিনৰ আগেয়ে গাঁওখনত এশ কি ছকুৰি ঘৰ কোঁচ, কলিতা, বামুণ, সূত, কাটনি ইত্যাদি জাতিৰ মানুহ আছিল। ৰহদৈৰ বাপেকৰ নাম ৰতিকান্ত, মাকৰ নাম কমলা। তেওঁবিলাক সোণাৰি কলিতা জাতিৰ মধ্যবিত্ত অৱস্থাৰ মানুহ আছিল।

 ৰহদৈ মাপেকৰ একেজনী জীয়াৰী আছিল। তাইৰ তলত মাথোন এটা ভায়েক আছিল। সম্পতিৰ ভিতৰত তেওঁবিলাকৰ দুজনী- মান গাইগৰু আৰু এটা গলধন ধৰা মতা ম'হ আছিল। গাই কেইজনীৰ গাখীৰ খাইছিল; গলধন ধৰা ম'হটোৰে ৰতিকান্তে কমলাবাৰী সত্ৰৰ লাখেৰাজ মাটি তিনিপুৰামান গা খাটনিলৈ লৈ তাত আহুধান, সৰিয়হ মাহ, মুগ, শাক, পাচলি ইত্যাদি খেতি-বাতি কৰি সুখেৰে খাইছিল। মাটি বৰ সাৰুৱা, সেইদেখি শস্য বৰ ভাল হৈছিল। সেইকালত আজিকালিৰ দৰে মানুহৰ লাহ-বিলাহ বা কানি[১] চিগাৰেট, মদ,


  1. কানি ইংৰাজে অসমদেশ লবৰ পৰাহে প্ৰচলন হৈছিল । বেলতলাতে পোন-প্ৰথমে ইংৰাজৰ কোনোবা মাৰাঠা নে হিন্দুস্তানী চিপাহীৰ পৰাহে হেনো অসমীয়া মানুহে কানি খাবলৈ আৰু আৰু আফু খেতি কৰিবলৈ শিকিলে। বৰ্ত্তমানে কানিতকৈও চিগাৰেটে অসমীয়াৰ সৰ্ব্ব নাশ কৰিবলৈ ধৰিছে। অসমীয়াৰ অতি সুখেৰে সজা ৰূপ লাখে লাখে চিগাৰেটৰ ধোঁৱা হৈ উৰিব লাগি আৰু চিগাৰেট হুপি মানুহ খোৱা-পিন্ধাত যে দুখীয়া হৈছেই তদুপৰি ভৱিষ্যতৰ অসমীয়া ডেকা গাভৰুলৈ কেৰোণৰ গুটি সিচিছে।