পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰহদৈ লিগিৰী

৩১
 ৰহদৈ-স্বৰ্গদেৱ ঈশ্বৰৰ বিধিমতে ৰাণী নোহোৱালৈকে বেটায়ে স্বৰ্গদেৱ ঈশ্বৰক বেটীৰ মুখখন আগ বঢ়াৰ নোৰাৰো । বেটীয়ে স্বৰ্গদেৱ ঈশ্বৰৰ বেটীস্বৰূপে-ৰাজভক্ত প্ৰজস্বৰূপে স্বৰ্গদেৱ ঈশ্বৰৰ পদত চুম্বন কৰে ।
 এই বুলি গৈ ৰহদৈয়ে ৰজাৰ দুয়ো ভৰিত দুটা চুমা খালে। ৰজাই ৰহদৈৰ কথাত আৰু আচৰণত পৰম প্ৰীত হৈ ৰহদৈৰৰ মুৰত থপৰিয়াই কলে—“বাৰু ৰহদৈ, এদিন নহয় এদিন তোক মোৰ ৰাণী কৰিম । অৱেশ্যে মই আগেয়ে দয়াৰামক আনি তাৰ মন দোছোৰা ফালে ঢাল খুৱাই লৈহে তোৰ প্ৰেম বিচাৰিম । কিয়নো আমাৰ ইন্দ্ৰবংশী ৰজাসকলৰ দস্তৰ আছে যে ৰজাই কাৰো পেলনীয়া যোৱা (কায়ৰ বা মনৰে হওক) গ্ৰহণ নকৰে । তোৰ মোলৈ একান্ত প্ৰেম নহলে মই তোক ৰাণী কৰিব নোৱাৰোঁ ৷


সপ্তদশ অধ্যায়

ৰজা আৰু ৰাজমাও দেউতা


 পিচদিনা ৰাতিপুৱা ৰজা শয্যাৰ পৰা উঠি মুখ-হাত ধুই অলপ জা-জলপান খাই ৰাজমাও দেউতাৰ ওচৰলৈ গল আৰু ৰাজমাৱক সেৱা কৰি জনালে-“আই দেউতা ! মই কথা এটা সুধিব আহিলো ।”  ৰাজমাও-কি কথা কোৱা মোৰ গোঁহাইদেৱ ?  ৰজা-আইদেউত ! মই মোৰ হাতধৰী এই ৰহদৈ নামৰ লিগিৰী- জনীক বিয়া কৰাই ৰাণী পাতিব খোজোঁ ৷  ৰাজমাও—ছি: গোঁইাইদেৱ ! তোমাৰ নজৰ ইমান হীন হলনে ? তাই দেখিবলৈ ধুনীয়া হলেও কাড়ী পাইকৰ ঘৰৰ জীয়াৰী। তাইক ৰাণী পাতিলে আমাৰ মান-মাৰ্য্যদাৰ হানি হব ৷