পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ৰহদৈ লিগিৰী

আৰু তাৰ লগে লগে বলিকটা আৰু আন আন ৰং-ধেমালি চাবলৈ চাৰিউফালৰপৰা ল’ৰা-ছোৱালী, ডেকা-গাভৰু আহিছে। পুৱাৰেপৰা ব্ৰাহ্মণসকলে ধূপ-ধূনা লগাই পূজা আৰম্ভ কৰিছে। বেলি প্ৰায় এপৰ হ’ল। ডেকা বয়সৰ চন্দ্ৰকান্ত সিং স্বৰ্গদেৱ, তেওঁৰ লগৰীয়া সৎৰাম, জয়ৰাম, মনাই আৰু ডাঙ্গৰীয়া তিনিউজনে সৈতে গোসাঁনীঘৰ সোমালহি। ৰজাক চাবলৈ, বলিকটা চাবলৈ, মানুহে চাৰিউফালে ৰভাঘৰটো বেঢ়ি ধৰিলে। এই বিষয়াসকলেৰে সৈতে গৈ পোনেই দেৱীক সেৱা কৰি বলি-বিধান বিলাক লগাবলৈ ব্ৰাহ্মণক আদেশ কৰিলে। ব্ৰাহ্মণে ৰজাক সঙ্কল্পৰ মন্ত্ৰ মতোৱাই ফুল নিৰ্ম্মালি দি আশীৰ্ব্বাদ কৰিলে। ৰজা উঠি আহি সভা-ঘৰত পাৰি থোৱা সিংহাসনৰ ওপৰত চাৰিউফালে পাত্ৰ-মিত্ৰ মন্ত্ৰীৰে বেষ্টিত হৈ বহিল। ব্ৰাহ্মণসকলে বলিবিলাকক এটা এটাকৈ শান্তিজল চতিয়াই, সেন্দুৰৰ ফোঁট দি মাতৃক উচৰ্গা কৰিলে। ঢোল, খোল, মৃদঙ্গ, এইবিলাকৰ তুমুল শব্দৰ মাজত বলিকটীয়াহঁতে এটা এটাকৈ বলিবিলাক শালত সুমাই লৈ কাটিব ধৰিলে। অসংখ্য ছাগলী, ম’হ, হাঁহ, পাৰ ইত্যাদিৰ তেজেৰে বলিৰ শালবিলাক ৰাঙলী হ’ল। তেজেৰে ঠায়ে ঠায়ে ডোঙ্গা বান্ধিলে।

 ৰজাক বেঢ়ি চাওঁতাসকলৰ ভিতৰত আমাৰ ৰহদৈয়ো দয়াৰামৰ কাষতে থিয় হৈ আছিল। সুক্ষণতে হওক বা কুক্ষণতে হওক দৈবাৎ ৰজাৰ চকু ৰহদৈৰ ওপৰত পৰিল। ৰহদৈৰ মনমোহা ৰূপ আৰু লাবণ্যত আকৃষ্ট হৈ ৰজাই একেথৰে কিছুবেলি ৰহদৈৰ ফাললৈ চাই তেওঁৰ কাষতে মাটিত আঠু লৈ বহী থকা তেওঁৰ সখি সতাইক আনে নুশুনাকৈ কেতখিনি কিবা কিবি কলে। সতায়ে মূৰ দুপিয়াই শলাগিলে। বেলি দুপৰ হলত ৰজাই সভা ভঙ্গ কৰি কাৰেঙ্গলৈ সোমাল, ডাঙ্গৰীয়াসকল আৰু আন আন মানুহো ঘৰা ধৰি গ’ল।