পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
ৰহদৈ লিগিৰী

গাঁও গোটেইখনতে জনাই ফুৰিছে তেওঁবিলাক ৰংপুৰলৈ ৰজাঘৰৰ দুৰ্গাপূজা চাবলৈ যাব। যাৰ যাৰ ইচ্ছা আছে সেইসকল খাই–বৈ ওলাওক। ডকাসকলৰ এই জাননীত গাঁৱৰ দহ-বাৰজনীমান গাভৰু, পোন্ধৰ- ষোলটামান ল'ৰা-ছোৱালী, দুই-চাৰিজন বুঢ়া-বুঢ়ী দুপৰীয়া ভাত পানী খাই ভালকৈ পিন্ধি-উৰি লগত চাৰি পাঁচ দিন জোৰাকৈ চাউল-চৰু, হাতত অলপ ধন-বিত লৈ বেলি দুপৰমানত কমলাবাৰী ঘাটত থকা পাঁচ খন নাৱত উঠিল। যেয়ে যাৰ লগ ভাল পালে সেয়ে সেই নাৱত উঠিল। তিনি চাৰিজনী গাভৰু, পাঁচোটা ল'ৰা আৰু দুই চাৰিজন বয়সীয়াল মানুহে সৈতে আমাৰ ৰহদৈ দয়াৰামৰ নাৱত উঠিল। দয়াৰামেই সেইখন নাৱৰ গুৰিয়াল হ'ল। আগত আন এজন ডেকা আগুৱাল হ'ল। মাজত পাঁচজনী গাভৰুৱে সৰু সৰু হাত বঠা ল'লে। ইবিলাক নাৱতো সেই দৰে মানুহ উঠিল। উজনী আৰু ভাটীফালৰ আন আন গাঁওবিলাকৰ পৰাও তিনি চাৰিখন মানকৈ নাও লৈ মাজুলীয়াল ল'ৰা-তিৰোতা, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ৰজাঘৰৰ দুৰ্গোৎসৱ চাবলৈ ওলাল।

 সকলোবিলাক মানুহে নাৱত উঠা হলত “জয় বাবা ব্ৰহ্মপুত্ৰৰ জয়। আমাক বাবা যেন সুকলমে পাৰ কৰোৱা”—এই বুলি হৰিধ্বনি দি নাও এৰি দিলে। পাঁচোখন নাও একেলগে চলিল। প্ৰত্যেক নাৱৰ মানুহৰ কোনে আগ বাঢ়িব পাৰে এনেকুৱা এটা অৰিয়া-অৰি ভাৱ হ'ল। বঠাৰ চাবে চাবে গাভৰুসকলে গালে—

ঘোষা
কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি।
পদ

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গঙ্গা পদ্ম কৰত তোমাৰ॥
পীতবস্ত্ৰে শোভে আতি শ্যাম কলেবৰ।
কমললোচন চাৰু অৰুণ অধৰ॥
সুন্দৰ নাচিকা কৰ্ণে মৰক কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল॥
আপাদলম্বিত বনমালা অহ্নে গলে।
শোভে অতি শ্ৰীবৎস বহল ব‌ক্ষস্থলে॥