পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰহদৈ লিগিৰী

লগে ম’হ ৰাখি, লগে সাঁতৰি, লগে নিশা-বিহু গাই উভয়ে উভয়ক ভাল পাইছিল। ল'ৰা কালতেই উভয়ৰ প্ৰতি উভয়ৰে এটা মৰম-চেনেহ সোমাইছিল।



পঞ্চম অধ্যায়
প্ৰেমালাপ নে চুপতা-চুপতি


 বহাগৰ বিহু হৈ যোৱাৰ পিচত আকৌ এদিন ৰহদৈয়ে তাইৰ ম'হটো দুপৰীয়া নৈলৈ পানী খুৱাব নিছিল। সেই সময়ত সেইদিনা দয়াৰামে নৈত গা ধুই অলপ সাঁতৰি আছিল। তাই ম’হ লৈ গৈ পোৱাত দয়াৰামে তাইক দেখি কলে—“ৰহদৈ। ম'হটো পানী খুৱাব আনিলি?"

 ৰহদৈ—এৰা পাই আনিছোঁ। তোৰটো কি কৰিলি?

 দয়াৰাম—মোৰটো পানী খুৱাই সদ্যহতে ঘৰত বান্ধি হৈ আহিছোঁ পিচত গা-পা ধুই গৈ এমুঠি পঁইতা বা কৰকৰা ভাত খাই আকৌ তাক চাৰিবলৈ নিম। পিচত ৰহদৈ! তই আজিও ইয়াৰ পিঠিত উঠি আহিছনে?

 ৰহদৈ—এৰা পাই! তাৰ পিঠিত উঠি গুণ্​ গুণ্​ কৈ গীত নাগালে সি এখোজকে আগবাঢ়িব নোখোজ।

 দয়াৰাম—ৰহদৈ! তোক আজিকালি ম’হত উঠি ফুৰা দেখিবলৈ ভাল নাপাওঁ অ’।

 ৰহদৈ—কেলেই?