এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
ডাৰুইনৰ “থিৱ’ৰিৰ’’ নেগুৰ।
সৱশেহত কাৰো লগত
নৰব কাৰো সঙ্গ;
মোটৰ ওপৰত, উন্নতি হই
ৰ’ব একেটা অঙ্গ।
মানুহ গুচি ক্ৰমোন্নতিত
কোমোৰা আকাৰ পাব;
কই থ'লোঁ, গুণ নহলেও
ধৰমনো ক’লই যাব?
আপত্তি যদি আছে কাৰো
একে আষাৰেই কোৱাঁ;
ক্ৰমোন্নতিৰ নেগুৰ theory
নহলে দাঙি লোৱাঁ।
ললেই নামটো ফাটি ওলাব
সহস্ৰমুখী হ’ই;
জল্জল্ কৰে ওলাম নতুন
Evolutionist মই।