এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
কন্যমেধ।
দেখেগই আছে ভদ্ৰকান্তই
দাঁত নিকটাই।
আগদিনা হেনো দুৱাৰদলিত
লাখুটি পিছলি পৰি;
কঁকালটো ভাগি কেঁকাই আছিল
এতিয়া আছে মৰি।
বাতৰি পাই কৃষ্ণ শৰ্মাই
প্ৰথমে লাগিল থৰ;
তাৰ পিচত ভদোৰ ঘৰলৈ
দিলে বিজুলী লৰ।
মৰা জোঁৱাইৰ স্থাৱৰ অস্থাৱৰ
সম্পত্তিখিনি আনি;
সুখ কৰিলে বুঢ়া বয়সত
হৈ চহকি মানী।
কৃষ্ণই পালে ধন-সম্পত্তি,
ভদ্ৰই পালে পাৰ;
কন্যাৰ হ’ল সংসাৰখনি
যমৰ দক্ষিণ দ্বাৰ।