এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নতুন “ভোজন-ব্যৱহাৰ”।
উজনিৰ আলহী নামনি পালেগৈ
নুশুনি ঘৰৰ হাক;
পুৰণি কলীয়া মিতিৰৰ ঘৰত
খাবলৈ পৰিল ‘ভাক'।
যথা ৰীতিমতে মিতিৰৰ পৰা
আদৰ-সাদৰ পালে;
নানা তৰহৰ কথা বতৰাৰে
তামোল-ধপাত খালে।
মদপী মিতিৰ মদৰ ৰসত
নাছিল দেহাৰ ঠিক;
কথাৰ মাজত আলহীৰ গাত
তমোল খাই পেলালে পিক।
খাবৰ বেলিকা সোমাল ভিতৰ
আলহী চ’ৰাতে থই;
ভাত পানী খাই চাকি নুমুৱাই
পাটীত পৰিলগ'ই।
অকলে আলহী থাকি কিছু বেলি
দেখিলে সঁহাৰি নাই;
উঠিল বিচাৰি ভোকে-উপবাসে
নতুন চিনাকি ঠাই।
আন্ধাৰে মুধাৰে গ’ই কিছু বেলি,
পালেগৈ চিনাকি জন;