সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰবীন্দ্ৰ প্ৰতিভা
৪৫
 

দেশেৰ দুঃখে সতত দহি মনেৰ কথা সবাৰে কহি
এসতো নামটা সহী লম্বা পিটিশনে।
আয়ৰে ভাই সবাই মাতি যতটা পাৰি ফুলাই ছাতি
নহিলে গেল আৰ্য জাতি ৰসাতলে পানে’।”

 শিক্ষিত ভাৰতবাসীৰ মনত সেই সময়ত দেখা দিয়া এই অন্ধ আত্মবিস্মৃতিৰ বান্ধ ভাঙি দেশৰ ভিতৰত এক উদ্দাম গতি- শীল বিপ্লৱী জীৱনৰ প্ৰেৰণা কৰিয়ে জগাই দিব খুজিছে—

“ইহাৰ চেয়ে হতেম যদি আৰৱ বেদুইন
চৰণ তলে বিশাল মৰু দিগন্তে বিলীন,
ছুটেছে ঘোৰা উড়েছে বালি, জীৱনস্ৰোত আকাশে ঢালি
উষাৰ মতে বহি জ্বালি যেতেছি নিশিদিন,
বৰশা হাতে ভৰষা প্ৰাণে সদায় নিৰুদ্দেশ
মৰুৰ ঝৰ যেমন বহে সকল বাধাহীন।

  

 ৰবীন্দ্ৰনাথৰ হৃদয়ৰ গভীৰত ভাৰতবৰ্ষৰ যি ছবি আছিল সি হৈছে তপোবন আৰু অনাড়ম্বৰ গাঁৱলীয়া জীৱনৰ শান্ত ধ্যানী ৰূপ। তাত আছিল দাৰিদ্ৰৰ কঠিন ব্ৰত, মৌনৰ স্তম্ভিত আৱেগ, নিষ্ঠাৰ কঠোৰ শান্তি আৰু বৈৰাগ্যৰ উদাৰ গাম্ভীৰ্য্য। আজিও সেই ভাৰতবৰ্ষ বিদেশীৰ সংঘাতত একেবাৰে লুপ্ত হৈ যোৱা নাই। “সংযমেৰ দ্বাৰা, বিশ্বাসেৰ দ্বাৰা, ধ্যানেৰ দ্বাৰা, এই মৃত্যু ভয়হীন আত্ম সমাহিত শক্তি ভাৰতবৰ্ষেৰ মুখশ্ৰীতে মৃদুতা এবং সজ্জাৰ মধ্যে কাঠিন্য, লোক-ব্যৱহাৰে কোমলতা এবং