॥ ৰবীন্দ্ৰ-প্ৰসঙ্গ ॥
আমাৰ দেশত এটা পুৰণি প্ৰচলিত ৰীতি আছে যে ঈশ্বৰৰ নৰৰূপী অৱতাৰ বুলি যি সকল স্বীকৃত হয় সেই সকলৰহে জন্ম বাৰ্ষিকী পালন কৰা হয়। অন্যান্য যি সকল বৰেণ্য পুৰুষ সেই সকলৰ ক্ষেত্ৰত মৃত্যু তিথিহে পালন কৰা হয়। কিন্তু আজিকালি এই নীতি সলনি হৈ গৈছে; বিশেষকৈ মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথৰ ক্ষেত্ৰত। ৰবীন্দ্ৰনাথে অৱশ্যে নিজেই তেখেতৰ মৃত্যু তিথি পালন কৰাটো হাক দি গৈছে। কাৰণ জীয়াই থকাটো ৰবীন্দ্ৰনাথে একান্তভাৱে ভাল পাইছিল, আৰু মানৱ জন্মৰ যি মহা বিস্ময় আৰু গৌৰৱ তাৰ স্মৃতিহে যেন পৃথিৱীত থাকে, তেখেতৰ একান্ত অবাঞ্ছিত মৃত্যুৰ স্মৃতি যেন দেশবাসীয়ে মনত নাৰাখে এই আশা তেখেতে কৰি গৈছে। সেয়ে ৰবীন্দ্ৰনাথৰ কেৱল জন্মবাৰ্ষিকী অনুষ্ঠিত হয়। জীৱিতাৱস্থাত জন্মতিথি সমূহত কবিয়ে নিজৰ জীৱন নিষ্ঠাৰ গভীৰ আৱেগ কাব্য আৰু গানৰ ভাষাত প্ৰকাশ কৰি গৈছে। জন্মদিন উপলক্ষে গোৱা আনুষ্ঠানিক গানটোত জীৱনৰ প্ৰতি গভীৰ প্ৰেম আৰু বিস্ময় কবিয়ে প্ৰকাশ কৰিছে।
হে নূতন, দেখা দিক আৰবাৰ
জন্মেৰ প্ৰথম শুভক্ষণ।
ব্যক্ত হোক জীৱনেৰ জয়
ব্যক্ত হোক তেমা মাঝে অসীমেৰ
চিৰ বিস্ময়।