ৰবীন্দ্ৰ প্ৰতিভা > ৰাগিণী বোৰৰ ভিতৰেদি বিশ্বপ্ৰকৃতি আৰু মানৱ প্ৰকৃতিৰ মূল অস্তিত্বৰ লগত জড়িত এক গভীৰ বেদনাৰ ক্ৰন্দনধ্বনি অনুভৱ কৰিবৰ চেষ্টা কৰিছিল, এই বেদনা সাধাৰণ ঐহিক বিৰহ মিলনৰ বেদনা নহয়, ই মানৱৰ মূল অস্তিত্বৰ লগত জড়িত, ই জীয়াই থকাৰ মূল বেদনা, নিশ্চিত মৃত্যুৰ সান্ত্বনাহীন শোকৰ ক্ৰন্দন, সংহাৰময় কালৰ অণিৰুদ্ধ গতিত নিৰূপায় মানৱ হৃদয়ৰ বিলাপ বিনণি। এই মূল চেতনাৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ৰাগসঙ্গীতৰ বিচিত্ৰ ভাৱ সম্পদ। সেয়ে এই ৰাগৰাগিণী বোৰে তন্ময় হৃদয়ক ঐহিক ব্যক্তিগত আৰু সামাজিক সুখ-দুখৰ পৰা আঁতৰাই নি এক ব্যাপক বিশ্বলোকৰ মৰ্ম্মস্থললৈ লৈ যাবৰ প্ৰয়াস কৰে। ৰবীন্দ্ৰনাথে ৰাগসঙ্গীতৰ এই ভাৱৰূপ বা চেতনা সম্পদৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ৰাগৰাগিণীবোৰ গোৱাৰ চাৰিটা ৰীতি ভাৰতীয় সঙ্গীত- কলাত প্ৰচলিত আছে; যেনে ধ্ৰুপদ, খেয়াল, টপ্পা আৰু ঠুংৰী। ইয়াৰ ভিতৰত ধ্ৰুপদ হৈছে আটাইতকৈ বেচি প্ৰাচীন হৈ বৈদিক সঙ্গীতৰ ৰীতিৰ পৰা উদ্ভৱ হোৱা বুলি বহুতৰ ধাৰণা। ই গুৰুগম্ভীৰ, আধ্যাত্মিক আৰু ব্যাপকতা থকা ভাব প্ৰকাশৰ বাবে ই আটাইতকৈ বেচি উপযোগী, ই চতুৰঙ্গ সম্পন্ন ( অৰ্থাৎ ইয়াত গানৰ কথাংশ অস্থায়ী, অন্তৰা, সঞ্চাৰী আৰু আভোগ এই চাৰিভাগত ভাগ ভাগ কৰা থাকে আৰু সেই আটাইবোৰকে সম্পূৰ্ণকৈ গাব লাগে, ই বহুল অলঙ্কাৰ বৰ্জিত ( অৰ্থাৎ খেয়াল গানৰ নিচিনা, ইয়াৰ তানত নানাৰকম
পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/১০১
অৱয়ব