পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
হৰিশ্চন্দ্ৰ উপাখ্যান।

মৰিল মনুষ্য আনে পুড়িবাক প্ৰতি।
লৱড়ন্তে লাগ আসি ধৰিলা নৃপতি॥
কঙ্কালত লাঙ্গতি কান্ধত কোৰ পাৰি।
বিকৃত চাণ্ডাল বেশ চিনিবে নোৱাৰি॥ ৩৭২
ধূলায়ে জটিলাভৈলা আউল সবে কেশ।
মহা কৃষ্ণ বৰ্ণ ভৈলা পিশাঞ্চৰ বেশ॥
ডাড়ি গোফ ভোবোকাৰ দেখি আসেবন্তি।
স্বামী হেন বুলি তাঙ্ক নিচিনিলা শান্তী॥ ৩৭৩
চিনিবাক নোৱাৰিলা ৰজাযো ভাৰ্য্যাক।
অপেশ্বৰা গণো ৰূপে নাতিল যাহাক॥
ৰত্নৰ সলকা গণ আঙ্গুলিৰ পান্তি।
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰৰ কান্তি॥ ৩৭৪
সিটো তনু শুখাই সবে ভৈল চাৰ খাৰ।
পৰিল বিবৰ্ণ যেন বিকৃত আকাৰ॥
শৰীৰৰ বস্ত্ৰ আতি পৰে টোপে মলি।
যেন ভিক্ষাৰিৰ নাৰী ধীৰে যান্ত চলি॥ ৩৭৫
কতো বেলি পাইলা গৈয়া ভাগীৰথি তীৰ।
দুখে শোকে শান্তীৰ শৰীৰ নোহে থিৰ॥
কুমৰৰ শৰীৰক কানি খানি পাৰি।
মৃতক পুত্ৰক শুৱাৱন্ত বৰ নাৰী॥ ৩৭৬