পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
হৰিশ্চন্দ্ৰ উপাখ্যান ।

আঠে চাৰি পাঞ্চে,   দিনেক ভুঞ্জন্তে,
  হিয়ো মাৰণক ডৰে॥
ভূমিত শয়ন,   মলিন বসন,
  ঢুলাৱে জটিল কেশ।
মহাদই বুলি,   চিনন নযাই,
  ভৈলন্ত মলিন বেশ॥ ৩৫৫
খাইবাক নপাই,   কুমৰ সুখাই,
  দুখীৰ যেন ছৱাল॥
আগক যাহান্তে,   ব্ৰাহ্মণ কুমৰে,
  তাতেসে নলাগে মিল॥
টেৰ কৰি চান্তে,   কুৰূপ দেখাই,
  মলিন বস্ত্ৰ নিসন্ধি॥
দেখি পটেশ্বৰী,   ক্ৰন্দন কৰন্ত,
  পুত্ৰক গলত বান্ধি॥ ৩৫৬
মই দুখিনীৰ,   পেটত পুতাই,
  উপজিলি কিক লাগি।
তোৰ দুখ দেখি,   কেনে প্ৰাণ ধৰো,
  নগৈল হৃদয় ভাগি॥
হয় প্ৰাণনাথ,   তোমাকেসে লাগি,
  সৰ্ব্বক্ষণে ধুম পিওঁ॥