পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

এহিমতে আনন্দতে কতোদিন গৈল
যজ্ঞ কৰিবাক নৃপতিৰ মনভৈল।।
পুৰোহিত বশিষ্ঠক অনাইলা মতাই।
বোলন্ত মিনতি কৰি হৰিশ্চন্দ্ৰ বাই ।। ১৯
তযু আশীৰ্ব্বাদ সুপ্ৰসাদে ভূঞ্জোৰাজ।
ইন্দ্ৰতো অধিক দেখো আমাৰ সমাজ।।
উপাৰ্জ্জিত ধনৰত্ন যিসে ৰক্ষা হুই।
কৰায়োক মোক মহা যজ্ঞ ৰাজসূই ।। ২০
সুবৰ্ণ ৰজত ৰত্ন যত ধন ধান।
কৰিয়ো সাম্ফল ব্ৰাহ্মণক দিবো দান।।
তোমাৰ প্ৰসাদে যজ্ঞ সিজোক সম্প্ৰতি।
ইটো সূৰ্য্য বংশৰ তুমিসে গুৰু গতি ।। ২১
শুনিৰঙ্গে ঋষিৰাজে মাতিলন্ত পাছে।
যত লাগে সম্ভাৰ গৃহতে সবে আছে।।
ত্ৰৈলোক্য়ত কোন কৰ্ম্ম তোমাৰ অসাধ্য।
সত্বৰে অনায়ো বাচি ৰাজা এক লক্ষ ।। ২২
বশিষ্ঠে কহিলা যত যজ্ঞৰ বিধান।
হঙ্কাৰে আনিলা ৰাজা লক্ষেক প্ৰমান।।
যেন যোগ্য সানি সমুচিতে কৰ দিল।
হৰিশ্চন্দ্ৰ মহাৰাজা যজ্ঞ আৰম্ভিল ।।২৩