পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

নিযোক চাণ্ডাল,   আক বিকো আমি,
  দশ কোটি ধন লৈয়া॥ ৩৪৭
হেন শুনি ভৈল,   চাণ্ডাল হৰিষ,
  উলস মালস মন।
ঋষিক বুজায়া,   ভাৰে ভাৰে আনি,
  দিলে দশ কোটি ধন॥
ঋষিৰ ভৰিৰ,   পৰা নৃপতিক,
  আজুৰি আনিলা ধৰি।
পাপীষ্ঠ চাণ্ডাল,   লগাইল ঘঞ্চাল,
  বান্ধি পাছ হাত কৰি॥ ৩৪৮
যেন খন্ত চোৰ,   পাইল নৃপতিক,
  চাণ্ডালে কৰয় দণ্ডা।
যাস যাস বুলি,   মাৰন্তে লৈযাই,
  উলটা জাঠিৰ খুণ্ডা॥
কতো দণ্ড ধৰি,   পিঠিত কোবাৱে,
  বিশ্ৰুতি ভৈলা নৃপতি।
একে ভাৰ্য্যা পুত্ৰ,   বিয়োগ দগধ,
  আপোনাৰো হেন গতি॥ ৩৪৯
এহিমতে মাৰি,   ধৰি নৃপতিক,
  আপোন গৃহক নিল।