সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

বোলন্ত অনেক বাণী,  ঢালন্ত শিৰত পানী,
 নৃপতিয়ে চক্ষু মেলি চাইলা।
ঋষিক আগত দেখি,  আৰু মুদিলন্ত আক্ষি,
 দুনাই যেন যমপুৰী পাইল॥ ২৭৬
দেখি ক্ৰোধে জ্বলি গৈল,  ৰাজাক বুলিবে লৈল,
 তোৰ সবে বুদ্ধি কৰো চুৰি।
দক্ষিণা দিবাক ডৰে,  পাইলে তোক চিন্তা জ্বৰে,
 মিছাত আছস ভেম জুৰি |।
উঠা উঠা ধৰ্ম্ম জানি,  আপোনাৰ সত্য বাণী,
 ৰাখি মোক শীঘ্ৰে দিয়া দান।
সত্যে সূৰ্য্য আছে ৰহি,  সত্যতেসে আছে মহী,
 সত্য সম ধৰ্ম্ম নাহি আন॥ ২৮৭
শুন অৰে মহাপাপ,  জানিলো পীড়িলে কাপ,
 বিস্তৰ নোবোলো আৰ বাক।
আজি সূৰ্য্য় অস্ত গৈলে,  জানো ৰসাতলে গৈল,
 যেবে আনি নেদে দক্ষিণাক॥
এড়াইবে কাহাৰ বাপ,  বংশ দহি দিবো শাপ,
 কৰৈ ঋষি অতি চটি ফটি।
কিবা কৰা দেখো আত,  খানিতেক চাহোঁ বাট,
 এহি বুলি গৈলন্ত ঊলটি॥ ২৮৮