পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

ধৈৰ্য্যেশে আপদ তৰি।  আন চিন্তা পৰি হৰি
কৰিযোক উপদেশ।  যাইবো আমি কোনদেশ॥২৩২
ঋষিৰ দেশৰ বাজে।  নাহি ঠাই, একো ৰাজে॥
ইটো চিন্তা আসৰিষ।  কৰিযোক বিমৰিষ॥ ২৩৩
হেনশুনি নৃপবৰে।  গুণিলন্ত নিৰন্তৰে॥
সাতোদ্বীপা পৃথিবীত।  থানৰ নভৈল থিত॥ ২৩৪
নেড়াইলো ঋষিৰ হাত।  চিত কৰে উতপাত॥
যাইবো আবে কোন পুৰী।  পাইবে আসি ঘূৰি ঘূৰি॥২৩৫
এহি বুলি নৰনাথ।  জানুত দিলন্ত মাথ॥
নুগুছে ঋষিৰ ভয।  দেখৈ ৰাজা তমোময॥ ২৩৬
প্ৰবন্ধে গুণন্ত বসি।  মনত পড়িল আসি॥
আছে পুৰী বাৰাণসী।  সুস্থভৈলা মহাযশী॥ ২৩৭
প্ৰণামিয়া কৃষ্ণপাৱে।  ঝুমুৰী শঙ্কৰে গাৱে॥
শুনা এক চিতকৰি।  সুখে যোৱা আত্মাতৰি॥ ২৩৮
আন চিন্তা পৰিহৰি।  সবে বোলা হৰি হৰি॥২৩৯

পদ।


শৈব্যাক সম্বোধি মাতিলন্ত মহাৰাজে।
আমাৰ নেদেখো থান বাৰাণসী বাজে॥
পৃথিবীত বহিৰ্ভূত সংসাৰতে সাৰ।
তাতেসে নাহিকে মনুষ্যৰ অধিকাৰ॥ ২৪০