সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

এহিমতে গুণি পাছে দেৱতা গণেশ।
নৃপতিৰ শৰীৰত ভৈলন্ত প্ৰবেশ॥
ৰাজাৰো উঠিলা আতি দশ গুণে কোপ।
বখত কৰন্তে যান্ত অনেক আতোপ॥ ৭২
মোহোৰ ৰাজ্যত কোনে চিন্তে অপকাৰ।
কোন পাপীষ্টৰ আবে কত কতাই ঘাৰ॥
দুহিবাক লাগি কোনে বাঘিনীক চান্দৈ।
মৰিবাৰ ঔষধি গলত তুলি বান্ধৈ॥ ৭৩
হেন মন্দকৰ্ম্ম কৰে কোননো অধমে।
আমাক জোঙ্কাৱৈ আক্ষি মলচিল যমে॥
গডল কিসক ভুঞ্জে মৰিবাক লাই।
আজি ঘোৰ শবে যমপুৰে দিবো ঠাই॥ ৭৪
স্ত্ৰীক দুৰ্ব্বল কৰে কোননো নিস্খলে।
জ্বলন্ত বহ্নিক বান্ধে বস্ত্ৰৰ আঞ্চলে॥
খানিতেক ৰহ আজি ছেদকৰো শিৰ।
মোৰ ঘোৰ শৰে পীবে তপত ৰুধিৰ॥ ৭৫
অনেক গৰ্জ্জন্তে যান্ত ৰাজা মহাবলী।
শুনি বিশ্বামিত্ৰ আতি ক্ৰোধ গৈলা জ্বলি॥
এড়িলন্ত যত মৌন ব্ৰতৰ বিধান।
চিদ্ৰপাহ যত বিদ্যা ভৈল অন্তৰ্দ্ধান॥ ৭৬