পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
হৰিশ্চন্দ্ৰ উপাখ্যান।

স্বৰ্গ হন্তে আসি,   ভূমিত নামিলা,
 অসংখ্য কোটি বিমান॥ ৪৯৩
স্বৰ্গক ছাড়িয়া,   নমিলা ভূমিত,
 যেন সূৰ্য্য অসংখ্যাত।
অমৃত সমান,   যত উপভোগ,
 বাঞ্চিলে মিলয় তাত॥
সুবৰ্ণ কিঙ্কিনী,   বাজে ৰিণি জিনি,
 দিব্য ৰত্নে পাৰে ঝিকি।
জল স্থল যুৰি,   ৰহিলা বিমান,
 অযোধ্যা নগৰ ঢাকি॥ ৪৯৪
বাসৱে বোলন্ত,   ধন্য 'হৰিশ্চন্দ্ৰ,
 সূৰ্য্যবংশী মহাৰাই।
যেহি মনবাঞ্চা,  সেহি সিদ্ধি ভৈল,
 আৰু আছ কিবা চাই॥
যাক মন আবে,   তাক লোৱা লগে,
 বিমানে চড়োক আনি।
সৃষ্টি থাকে মানে,   ৰহিল তোমাৰ,
 ইটো মহা যশ ৰাশি॥ ৪৯৫
এতেক বচন,   শুনি নৃপতিৰ,
 হৰিষ ভৈলা অশেষ।