সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
হৰিশ্চন্দ্ৰ উপাখ্যান।

বুকত সাবটি কৰিলন্ত শিৰ ঘ্ৰাণ।
আঠ গুণ তেজ দশ গুণে ভৈলা প্ৰাণ॥
সাবটিলা আনন্দে পুত্ৰক শৈব্যা শান্তী।
মিলিল উৎসৱ সবে খণ্ডিলা দুৰ্গতি॥ ৪৫১
আপুনি পিন্ধাইলা ইন্দ্ৰদেৱে অলঙ্কাৰ।
দেবাঙ্গ বসন মনুষ্যত অপ্ৰচাৰ॥
দিব্য পুষ্প চন্দনে ভূষিত কলেৱৰ।
ভৈলা হৰিশ্চন্দ্ৰ যেন দুতি পুৰন্দৰ॥ ৪৫২
অপেশ্বৰা গণে আসি শৈব্যাক বেঢ়িলা।
দিব্য বস্ত্ৰ অলঙ্কাৰে শৰীৰ মণ্ডিলা॥
পাৰিজাত সিঞ্চিলা উজ্জ্বল ভৈলা কান্তি।
কৰিলা দীপিতি আতি শৈব্যা মহাশান্তি॥ ৪৫৩
কুমৰক পিন্ধাইলন্ত দিব্য অলঙ্কাৰ।
খণ্ডিল আপদ বুলি দিলন্ত জোকাৰ॥
গাৱে বাৱে বিদ্যাধৰে নাছে অপেস্বৰা।
সিদ্ধগণে প্ৰশংসন্ত আকাশৰ পৰা॥ ৪৫৪
গন্ধৰ্ব্বে কৰিলা আতি দুন্দুভি সম্বাদ।
নাৰদ প্ৰমুখে ঋষি দিলা আশীৰ্ব্বাদ॥
ধন্য হৰিশ্চন্দ্ৰ যশ কৰিলা প্ৰক্ষাত।
এহি বুলি শিৰত সিঞ্চিলা পাৰিজাত॥ ৪৫৫