পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
হৰিশ্চন্দ্ৰ উপাখ্যান।

সেহিসে উন্নত নাসা যেন তিল ফুল।
প্ৰভুৰ দশন দেখো কুন্দ কুড়ি তুল॥
পদ্মসম লোচন কুঞ্চিত নীল কেশ।
বহল হৃদয় সিংহ বন্ধ কটি দেশ॥ ৪০২
ললিত বলিত সেহি অঙ্গুলিৰ পান্তি।
চন্দ্ৰ বিম্ব সম নুহি সেহি নখ কান্তি॥
এহেন্তেসে নৃপতি জানিলো নিস্ত কৰি।
ভালেতো কান্দন্ত কুমৰক গলে ধৰি॥ ৪০৩
একমনে বোলো যদি ৰাজা স্বৰূপত।
কিসক ফুৰন্ত ইটো শ্মশান শালত॥
হাতে কোৰ খানি দেখো চাণ্ডালৰ নয়।
এহি বুলি শৈব্যা শান্তী ভৈলন্ত বিস্ময়॥ ৪০৪
কিবা কুলক্ষণ আছে বুলি বিচাৰন্ত।
ৰস্তকৰ পৰা তান চৰণ পৰ্য্য়ন্ত॥
সকলো অঙ্কক শান্তী চাহান্ত নিৰেক্ষি।
আছন্ত এগোটা ৰেখা ভৰি তলে দেখি॥ ৪০৫
মহা কৃষ্ণবৰ্ণ আতি নিন্দিত সাক্ষাত।
চাণ্ডাল হইবেক হেন ৰেখা আছৈ তাত॥
তাক দেখি শান্তী অতি ভৈলা বিমোহিত।
তমোময় দেখিয়া পড়িলা পৃথিবীত॥ ৪০৬