পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥ প্ৰধান সম্পাদকৰ কথা॥

 বিন্দুমাত্ৰ সন্দেহ আৰু শংকা নকৰাকৈ অসমীয়া সাহিত্যলৈ ৺সৰ্বেশ্বৰ কটকীৰ বৰঙণি ব্যাপক আৰু গভীৰ বুলি চিহ্নিত কৰিব পাৰি। অসম সাহিত্য সভাৰ ১৯৮১-৮২ চনৰ কাৰ্য্য-নিৰ্বাহক সমিতিয়ে তেখেতৰ সমগ্ৰ ৰচনা একত্ৰ কৰি প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু বৰ্তমান বছৰত সভাৰ সন্মুখত কেতবোৰ অসুবিধাই দেখা দিয়াত সৰ্বেশ্বৰ কটকী ৰচনাৱলী প্ৰকাশ নকৰি তেখেতৰ ৰচিত ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ প্ৰকাশ কৰা হল। যোৱা বছৰ সভাই তেখেতৰ ‘অসমীয়া প্ৰাচীন লিপি’ প্ৰকাশ কৰিছে। ভৱিষ্যতে সভাৰ পক্ষৰ পৰা তেখেতৰ ৰচনাৱলী নিশ্চয় প্ৰকাশ কৰিব পৰা হ’ব।

 গ্ৰন্থখনিত পুনৰ-মুদ্ৰণ কৰোঁতে গ্ৰন্থকাৰৰ আখৰ জোটনিত আমি হাত দিয়া নাই। পুথিখনিৰ সমুদায় অসম সাহিত্য সভাক অৰ্পণ কৰাৰ বাবে ৺কটকীদেৱৰ পুত্ৰ শ্ৰীভুবনেশ্বৰ কটকী, শ্ৰীদুৰ্গেশ্বৰ কটকী, শ্ৰীতাৰকেশ্বৰ কটকী আৰু শ্ৰীবিশ্বেশ্বৰ কটকী সাহিত্য সভাৰ শলাগৰ পাত্ৰ।

 প্ৰাক্তন সভাপতি শ্ৰীযতীন্দ্ৰ নাথ গোস্বামীদেৱে গ্ৰন্থখনিৰ এটি আগ কথা লেখি দিছে। তেখেতলৈ সভাৰ পক্ষৰ পৰা