পৃষ্ঠা:হেমকোষ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অলক্ষিতে
অৱতাৰ্
৪৬

চকুৰে নমনা, অতৰ্কিত, unobserved, unperceived.

অলক্ষিতে, ক্ৰি.বি. (অং.) নেদেখাকৈ, মনিব নোৱৰাকৈ, without being perceived or observed.

অলক্ষ্মী, স.শ. (সং. অলক্ষ্মী, এজনা দেবী -- অ, নহয় + লক্ষ্মী, ধন-সম্পত্তি) দুৰ্ভাগ্যৰ দেবী, the goddess of ill-luck.

অলক্ষ্য, বি. মনিব নোৱৰা, তৰ্কিব নোৱৰা, not observable, not distinguishable.

অলাউ, স.শ. (অং. অ, নহয় + লাউ, এবিধ ফল) ডিঙ্গি নথকা লাউ, অস্বাভাবিক লাউ, a long gourd without a neck.

অলাভ্, স.শ. (সং. অ, নাই + লাভ, প্ৰাপ্তি) লাভৰ অভাৱ; হানি; যেনে, এই বেপাৰত অলাভ হে হল, absence of gain; loss.

অলি, স.শ.(সং. অলি, ভোমোৰা -- অল্, পাৰ্গত হ) ভ্ৰমৰ, ভোমোৰা, the humble bee.

অলিয়াবলিয়া, বি.(অং. অলিয়া, অনুৰূ. + বলিয়া, উন্মত্ত) বাতুল, বলিয়ালি কৰা (মৌখিক), mad, crazy.

অলীক্, বি. (সং. অলিক, মিছা -- অল, ভূষিত কৰ্; মিছা কথাত অনেক জোৰা দি ধুন-লগোৱা যায়, এতেকে) অসত্য়, মিছা, সাজি কোৱা, false.

অলীকতা, গু.শ. (সং.) অসত্য়তা, মিথ্যাত্ব, মিছা, falsehood.

অলেখ্, বি. (অং. অ, নাই + লেখ, গণনা) লেখি অন্ত কৰিব নোৱৰা, লেখ নথকা; বিস্তৰ, innumerable.

অলৈ-তলৈ, স্থা. সৰ্ব্ব. (অং. অলৈ, এই ঠাইলৈ + তলৈ, সেই ঠাইলৈ) ইঠাই-সিঠাইলৈ, ইফাল-সিফাললৈ (মৌখিক), to this place and that.

অলোভী, বি. (সং. অলোভিন্, লোভহীন -- অ, নহয় + লোভিন্, লুভীয়া) নিৰ্লোভী, free from desire or craving.

অলৌকিক্, বি. (সং. অলৌকিক, অমানুষিক -- অ, ন + লৌকিক, পৃথিবীৰ) পৃথিবীত নথকা; মানুহৰ জ্ঞানৰ বা স্বভাৱৰ বাহিৰ; সমাজৰ মাজত নচলা, supernatural; opposed to common usage.

অলৌকিতা, গু.শ. (সং. অলৌকিকতা, অমানুষত্ব) মানহানি, অপযশ; সামাজিক কাৰ্য্য ৰীতিমতে নকৰাৰ পৰা হোৱা দুৰ্ণাম; যেনে, কৰিব লগীয়া কামত কিৰ্পিণালি কৰিলে অলৌকিতা হয়, loss of reputation for not performing social ceremonies according to custom.

অলৌভলৌ, বি. অৰ্থ-নথকা, অসঙ্গত, বলিয়াৰ কথাৰ নিচিনা; যেনে, বলিয়াই অলৌভলৌ কথা কয়, unmeaning, incoherent.

অল্প, বি. (সং. অল্প, তাকৰ -- অল্, পাৰগ হ) তাকৰ, অলপ, a little, small.

অল্পতা, গু.শ. অলপ হোৱা গুণ বা অৱস্থা, smallness, littleness.

অল্পায়ুস, বি. (সং. অল্পায়ুস, চুটি-জীৱনীয়া -- অল্প, অলপ + আয়ুস্‌, জীৱন) অলপ দিন জীয়া, short-lived.

অৱকাশ, স.শ. (সং. অৱকাশ, আজৰি -- অৱ, উপস. + কাশ, প্ৰকাশ) আজৰি, কামত নিযুক্ত নথকা সময়, leisure.

অৱগত, বি. (সং. অৱগত, জনা -- অৱ, উপস. + গম্, যা) জনা, বুজ-পোৱা, known, understood.

অৱগতি, স.শ. (সং.) জ্ঞান, বোধ, knowledge.

অৱগাহন, স.শ. (সং. অৱগাহন, স্নান -- অৱ, উপস. + গাহ, সঞ্চালন কৰ্) স্নান, bathing.

অৱজ্ঞা, স.শ. (সং. অৱজ্ঞা, অসন্মান -- অৱ, উপস. + জ্ঞা, জান্) অসন্মান; উলঙ্ঘা-কৰণ, disrespect; disobedience. অৱজ্ঞা কৰ্; যেনে, বুঢ়া লোকক অৱজ্ঞা নকৰিবা; উলঙ্ঘ; যেনে, পিতৃৰ আজ্ঞা অৱজ্ঞা নকৰিবা, to disrespect; to disobey.

অৱতাৰ, স.শ. (সং. অৱতাৰ, আকাৰ লৈ পৃথিবীলৈ আগমন -- অৱ, উপস. + তৃ, পাৰ হ) কোনো এক আকাৰ ধৰি পৃথবীলৈ