পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৭)

“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ যাবলৈ বিদায় দিলে।

 তাৰ পিছে শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি অনেক প্ৰকার শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কথাৰে ৰজাক সন্তোষ দিলে। আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পরাস্ত কৰিলে। ইত্যাদি কথাত ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধরাৰ কারণ একান্ত অনুরোধে কৰিলে ៛। আরু তেওঁৰ রাজধানী কোচবিহারর ওচৰত ভেলর মধুপুর আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোর বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।


 

 * এই জন সিদ্ধ পুরুষৰ বংশ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী আরু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি আছে। সই অধমো এওঁর বংশৰে এজন মুৰুখ।

 ៛ শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আরু তিৰোতাৰ গুরু তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আরু সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।