পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ওপৰঞ্চি। কেৱল ধৰ্ম্মৰ আৰ্হি। কলি কালত হোৱা কথা। পূৰ্ব্বকালত কেৱলীয়া ভকত সফলে কি ৰূপে ধৰ্ম্ম পালন কৰিছিলে তাৰ দৃষ্টান্ত ৰূপ তিনিটি ঘটনা তলত তুলি দিয়া হল। (১) বৰপেটা শত্ৰত শ্ৰীশ্ৰীঈশ্বৰ মাধৱ দেৱৰ সঙ্গত শ্ৰীৰাম আটা নামে জনৈক কেৱলীয়া ধৰ্ম্মাৱলী ভকত আছিল। তেওঁৰ কোনো এসময়ত চিতল মাছৰ শিঙ্গৰী খাবৰ ইচ্ছা হৈছিল। এই সময়ে কোনো মানুহে ‘হাটীৰ” ভকত সকলক কেইটিমান ভাঙ্গৰ চিতল মাছ দিয়াত তেওঁ ভকতক কৈ কেই ডোখৰ মান শিঙ্গৰী মাছ আনি, ভালকৈ ৰান্ধি বাঢ়ি খাবলৈ সাজু হৈ বহিলে। বহি মনক এই বুলি কবলৈ ধৰিলে যে “তুমি যি ইচ্ছা কৰিছিলা তাকে পাইছা, এতিয়া তুমি তোমাৰ ইচ্ছা নিৰাৰণ কৰা। মই হলে মোৰ হাতে, মোৰ মুখত তুলি নিদিম, তুমি কি ৰূপে পাৰা খোৱা। এই কথা কৈ কিছুমান সময় সেই বস্তু আগত লৈ বহি থাকি, আকৌ মনক কলে যে “যদি তোমাৰ নিজে কোনো কাম কৰিব আৰু খাব পৰা ক্ষমতাই নাই; তেন্তে পৰাধীন হৈ এনে ইচ্ছা কিয় কৰা”, এই বুলি সেই মাছৰ আঞ্জা দূৰত ফেলি থৈ, সেই দিন কেবল ডথৰা খাৰেৰে ভাত খাই উঠিল। (২) আকৌ এসময়ত এই সিদ্ধ পুৰুষ জনে, বৰপেটাৰ দক্ষিণে থকা গণক কুছি নামে গাঁওলৈ ভিক্ষাৰ্থে গৈ এঘৰ মানুহৰ ঘৰত এজনী বুঢ়ী লগ পাই, ভিক্ষাৰ অনুৰোধ কৰাত বুঢ়ীয়ে শুধিলে যে

এই গণক কুহি গাওঁ এতিয়াও আছোই এখন প্ৰধান শাস্ত্ৰ। ইয়াত মাধব দেব পুৰুষ ১৮ বছৰ বাস কৰিছিল।