সমললৈ যাওক

পৃষ্ঠা:হালধিবটা আবেলি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হালধিবটা আবেলি

ঋদ্ধ সময়

যিবোৰ কথাই প্ৰতিপলে ঋদ্ধ কৰি ৰাখে নিজকে
দকৈ ভাবি চোৱা নহয় সুখৰ সেই সময়কণক
সেয়ে হয়তো এদিন ঘৰ শূন্য কৰি কাৰকবোৰে খোজ দিয়ে সময়ৰ শতৰঞ্চিৰে

প্ৰিয় গধূলিটোকো যেতিয়া শূন্যতাৰ আৱেশে কুটি কুটি খাব ধৰে
তেতিয়া থাউনি নোহোৱা মনে আকাশক প্ৰাৰ্থনা কৰে
দুঘটিৰ জোনটোকে দিয়া
তোমাৰ আওতাৰ ভিতৰৰ তৰাবোৰকো দিয়া

দুঘটিৰ জোনটোকনো দিয়ে কেনেকৈ আকাশৰ বুকুৰ এচিৰা
তৰাবোৰো ৰিং নুশুনা দূৰণিৰ
আকাশে সাঁচি ৰাখে সোণ সঁচাদি আকালৰ পোহৰ
বিমুখ হৈ উভতি আহে মোৰ বিনীত প্ৰাৰ্থনা

তেনে সময়ত উকা গধূলিটোক আবদাৰ কৰেহি মাথোঁ জোনাকী পৰুৱাই
নিজৰ পোহৰেৰে নখৰ জোন লেখি লেখি
সমৃদ্ধ কৰে সময়ক আৰু উতলাই পেলায়
মনৰ তাপিত মায়াক

চনকা চনকে খহি পৰা স্মৃতিৰ তোৰণখনক কিছু সময়ৰ বাবে সাজি লওঁ বুলি
নিজানত বহো, তাতো আহি আমনি কৰে শূন্যতাই
নক্সা কাটি থোৱা স্মৃতিকাতৰ শিলবোৰতো এতিয়া সেই উত্তাপ নাই।
যি উত্তাপৰ বাবে এদিন স্বাধীনতা বিচাৰি আছিল তাপিত হৃদয়ে

সেই ঋদ্ধ সময় এতিয়া নাই
দকৈ ভাবি চোৱাৰো অৱকাশ নাই— ক’ত থিয় দি আছো
মাটিত নে পানীগছাৰ পিঠিত।