পৃষ্ঠা:হালধিবটা আবেলি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আত্মকথা

 সৰ্বত্ৰ প্ৰকাশমান যুদ্ধ এখনৰ দৰে নিজৰ ভিতৰতো যুঁজ এখন চলি থাকে। সেই যুঁজত প্ৰায়ে হাৰি যাওঁ আৰু জিকি যোৱাৰ দিনা দুই-তিনিটা পোহৰৰ শব্দ লিখো। তেনে এখন বোধৰ যুদ্ধত পৰাজিত হৈ প্ৰায় দহ বছৰ নিৰ্বাসিত হৈ আছিল হাতৰ দ্যোতনা। সময়ৰ নিৰ্মমতাক কালৰ যুঁজ বুলি যিমান পাৰি পিছ পেলাই উজাই আহিছিলো। শেষত এইখন চিনাকি নৈৰ উপলা ঘাটত মোৰ অহীৰৰ বাঁহী বাজি উঠিছিল পুনশ্চ। সময়ে দেখুৱাই দিয়া বোধৰ শব্দৰে প্ৰস্তুত কৰি আছো নিজকে। মানুহ, প্ৰেম, শুভাশিস, সমাজ, নিৰ্মমতা, উদাসীনতা, অসহনীয়তা আৰু উদিগ্নময় চেতনাপুঞ্জৰ সৈতে যুঁজ কৰো এতিয়াও। এই কঠিনতম অনুসৃতিত সৃষ্ট পৰিশীলিত শব্দগুচ্ছই কবিতাৰ আকাৰ লয় কেতিয়াবা। তাৰে মাজৰ প্ৰকাশিত-অপ্ৰকাশিত কিছু কবিতাৰে ‘হালধি-বটা আবেলি’ৰ পাণ্ডুলিপিটো প্ৰস্তুত কৰি ’অসম কাব্য কানন’ৰ প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিছিলো। সময়ত ‘কাব্যম বঁটা’ৰ বাবে নিৰ্বাচিত কৰি মোক কৃপাধন্য কৰাৰ লগতে ‘হালধি-বটা আবেলি’ক ৰাইজৰ মাজত তুলি ধৰাৰ এই মহান প্ৰয়াসৰ বাবে ‘অসম কাব্য কানন’ তথা তাৰ গুৰি ধৰোঁতা নৱ ৰাজনৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লো। অত্যন্তব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই অতি কম সময়ৰ ভিতৰতে কবিতাসমূহৰ বিশেষকৈ বানানবোৰত অলপ চকু ফুৰাই দিয়াৰ বাবে বিজয় বেজবৰুৱাৰ শলাগ ল’লো।

 শেষত পাঠক সমাজৰ ওচৰত অজানিত ভুল-ত্ৰুটিৰ বাবে ক্ষমাপ্ৰাৰ্থী হৈ ৰ’লো।

গুণাৰাম শ‍ইকীয়া

জোনাকীবন

মাজবাট